মহিবুল আৰু আব্দুল জলিলৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে৷ মহিবুল আৰু আব্দুল জলিলৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে৷ বৰপেটাৰ সৰ্থেবাৰী থানাৰ অধীনৰ ৭নং কাৱৈমাৰী ৰিজাৰ্ভত এগৰাকী কিশোৰীক অপহৰণ৷ সুদেৱ সৰকাৰৰ ১৩ বছৰীয়া কন্যাক নিজ ঘৰৰ পৰাই অপহৰণ। মহিবুল ইছলাম নামৰ এজন শ্ৰমিকে অপহৰণ কৰি নিয়াৰ অভিযোগ৷ অভিযুক্ত মহিবুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ শালমাৰাৰ ভালুকীত। গাঁওখনৰ এটা পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল মহিবুল ইছলাম। হাউলীৰ আব্দুল জলিলৰ সহযোগত কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ৷
মহিবুল আৰু আব্দুল জলিলৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে৷ কিশোৰীজনীক উদ্ধাৰৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। অপহৃত কিশোৰীগৰাকীৰ লগতে এতিয়াও সন্ধান নাই দুই অভিযুক্তৰ৷
ইপিনে নিজ কন্যাৰ অপহৰণক লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ এই ঘটনাক লৈ অঞ্চলটোতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰৰ দাবী বিভিন্ন দল–সংগঠনৰ৷
First published: June 13, 2020, 10:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|