ডবকাত নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি বলপূৰ্বক বিয়া কৰোৱাৰ চেষ্টা, পৰিয়ালক ভাবুকি

অপহৰণ কৰি নিয়াৰ পিছৰে পৰা অভিযুক্তই বিভিন্ন ধৰণৰ হুংকাৰ প্ৰদান কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালক।

News18-Assam
Updated:September 24, 2019, 5:40 PM IST
ডবকাত নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি বলপূৰ্বক বিয়া কৰোৱাৰ চেষ্টা, পৰিয়ালক ভাবুকি
অভিযুক্ত মিছবাক উদ্দিন
News18-Assam
Updated: September 24, 2019, 5:40 PM IST
ডবকা চাংমাজিৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিয়া কৰোৱাৰ চেষ্টা এজন যুৱকৰ। ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া নাবালিকাগৰাকীক চাংমাজি গাঁৱৰ আবু বক্কৰ ছিদ্দিকৰ পুত্ৰ মিছবাক উদ্দিনে অপহৰণ কৰাৰ অভিযোগ। অপহৰণ কৰি নি বিভিন্ন স্থানত কিশোৰীগৰাকীক ৰাখি নিৰ্যাতনৰ অভিযোগ মিছবাকৰ বিৰুদ্ধে।

অপহৰণ কৰি নিয়াৰ পিছৰে পৰা অভিযুক্তই বিভিন্ন ধৰণৰ হুংকাৰ প্ৰদান কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালক। কিশোৰীগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত ৬ দিন পিছত উদ্ধাৰ কৰে কিশোৰীগৰাকীক। মূল অভিযুক্ত মিচবাক উদ্দিনৰ পিতৃ আবু বক্কৰ ছিদ্দিকে গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰত কিশোৰীগৰাকীক থৈ পলায়ন কৰে। অপহৰণকাৰী মিছবাক উদ্দিনো সম্প্ৰতি পলাতক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি