কিশোৰীক ফুচুলাই মাতি নি অশ্লীল ইংগিত! ঢেকীয়াজুলিত আছাম ৰাইফল্ছৰ জোৱানৰ লজ্জাজনক কাণ্ড

News18 Assam | News18-Assam
Updated:November 10, 2020, 9:00 AM IST
কিশোৰীক ফুচুলাই মাতি নি অশ্লীল ইংগিত! ঢেকীয়াজুলিত আছাম ৰাইফল্ছৰ জোৱানৰ লজ্জাজনক কাণ্ড
আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত জোৱান নিচাৰ খানক৷

আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত জোৱান নিচাৰ খানক৷

  • Share this:
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত আছাম ৰাইফলছৰ শিবিৰত লজ্জাজনক ঘটনা। এগৰাকী ১২ বছৰীয়া কিশোৰীক অশ্লীল ইংগিত আছাম ৰাইফল্ছৰ জোৱানৰ৷ ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত অসম ৰাইফলছ কেম্পত সংঘটিত হয় এই ঘটনা।

নিচাৰ খান নামৰ এজন অছাম ৰাইফলছৰ জোৱানে দোকানলৈ যোৱা এগৰাকী কিশোৰীক কেম্পলৈ প্ৰলোভন দি মাতি আনি অশ্লীল ইংগিত দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ অভিযুক্ত জোৱানজনে অশ্লীল ইংগিত দিয়াৰ কথা তাৎক্ষণিকভাৱে পৰিয়ালৰ লোকক কিশোৰীগৰাকীয়ে জনোৱাৰ লগে লগে ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে কেম্পটো।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত জোৱান নিচাৰ খানক৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷  ইপিনে আৰক্ষীয়ে ততালিকে অভিযুক্ত জোৱানক আটক কৰি তেজপুৰ সদৰ থানালৈ লৈ যায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঢেকিয়াজুলিত৷
Published by: Sanjay Kumar Das
First published: November 10, 2020, 9:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading