চফ্ৰাই চাহ বাগিচাৰ চিংল লাইনৰ বাসিন্দা আন্তা মুণ্ডাৰ ৫ বছৰীয়া কন্যাক শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ বেৰ ভাঙি অপহৰণ কৰি নিছিল।
চফ্ৰাই চাহ বাগিচাৰ চিংল লাইনৰ বাসিন্দা আন্তা মুণ্ডাৰ ৫ বছৰীয়া কন্যাক শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ বেৰ ভাঙি অপহৰণ কৰি নিছিল।
চৰাদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চফ্ৰাই চাহ বাগিচাত অপহৃত হোৱা শিশুটিৰ মৃতদেহ আজি উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা এঘাৰ মান বজাত চফ্ৰাই চাহ বাগিচাৰ চিংল লাইনৰ বাসিন্দা আন্তা মুণ্ডাৰ ৫ বছৰীয়া কন্যাক শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ঘৰৰ বেৰ ভাঙি অপহৰণ কৰি নিছিল।
সোণাৰি আৰক্ষীয়ে ঘটনাটো তদন্ত কৰি শিশুটিৰ পিতৃসহ ১০জন লোকক আটক কৰি অনাৰ পিছত মঙলবাৰে সন্ধিয়া ৬মান বজাত অঞ্চলটোৰ চিংল নৈত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰি দহজনৰ ভিতৰত পিতৃ আন্তা মুণ্ডা আৰু ৰাজু মুণ্ডা (২৫) ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
শিশুটি প্ৰকৃততে অন্ধবিশ্বাসৰ বলি হৈছে নে অন্য কাৰণত মৃত্যু হৈছে সেয়া নিশ্চিত হোৱা নাই। শিশুটিৰ মৃত্যুৰ লগত নৰবলি অথবা যৌন নিৰ্যাতনৰ ঘটনাও জড়িত থাকিব পাৰে বুলি শিশুটিৰ পিতৃয়ে অভিযোগ দিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|