உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১১ বছৰীয়া নাবালিকাক ধৰ্ষণ, এতিয়া ৰঙাঘৰৰ আলহী ৭০ বছৰীয়া লম্পট কোষেশ্বৰ দত্ত

    ১১ বছৰীয়া নাবালিকাক ধৰ্ষণ, এতিয়া ৰঙাঘৰৰ আলহী ৭০ বছৰীয়া লম্পট কোষেশ্বৰ দত্ত

    যোৱা প্ৰায় এসপ্তাহৰ পুৰ্বে বৃদ্ধ ধৰা পৰিল ৰাইজৰ হাতত ৷ প্ৰথমে গাঁৱখনৰ ৰাইজে গাঁৱতে মেলপাতি বিষয়টো মিমাংসা কৰাৰ যত্ন কৰিছিল।

    যোৱা প্ৰায় এসপ্তাহৰ পুৰ্বে বৃদ্ধ ধৰা পৰিল ৰাইজৰ হাতত ৷ প্ৰথমে গাঁৱখনৰ ৰাইজে গাঁৱতে মেলপাতি বিষয়টো মিমাংসা কৰাৰ যত্ন কৰিছিল।

    যোৱা প্ৰায় এসপ্তাহৰ পুৰ্বে বৃদ্ধ ধৰা পৰিল ৰাইজৰ হাতত ৷ প্ৰথমে গাঁৱখনৰ ৰাইজে গাঁৱতে মেলপাতি বিষয়টো মিমাংসা কৰাৰ যত্ন কৰিছিল।

    • Share this:
    লখিমপুৰৰ গেন্ধালীত সংঘটিত হৈছে জঘন্য ঘটনা। ৭০ বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া কণমানি।এবাৰ দুবাৰ নহয় সাতবাৰকৈ ভয় ভাবুকি আৰু প্ৰলোভনেৰে বৃদ্ধই ধৰ্ষণ কৰিলে দুৰ্ভগীয়া নৱালিকাগৰাকীক ৷

    যোৱা প্ৰায় এসপ্তাহৰ পুৰ্বে বৃদ্ধ ধৰা পৰিল ৰাইজৰ হাতত ৷ প্ৰথমে গাঁৱখনৰ ৰাইজে গাঁৱতে মেলপাতি বিষয়টো মিমাংসা কৰাৰ যত্ন কৰিছিল যদিও কামনাৰ বলি হোৱা নৱালিকা গৰাকীৰ মাতৃগৰাকী নাৰী মুক্তি সংগ্ৰামী সেনানী নামৰ সংগঠনটোৰ ওচৰ চপাত আইনৰ মজিয়া পালেগৈ এই  ঘটনাটো।

    অভিযোগ অনুসৰি, যোৱা ১৪জুলাইত এৰাল দিয়া ছাগলী আনিবলৈ যাওতে কোষেশ্বৰ দত্ত নামৰ বৃদ্ধই কণমানি ছোৱালীজনীক কৌশলেৰে মাতি লৈ যায় গাঁৱৰে এটা ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰলৈ ৷ ৰজহুৱা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰতে দুয়োকে অসংযত অৱস্থাত ধৰা পেলায় এগৰাকী মহিলাই ৷

    ঘটনাটো পোহৰলৈ অহাৰ পিছতে নাবালিকাগৰাকীক সোধা-পোছা কৰে পিতৃ-মাতৃ আৰু ৰাইজে ৷ আৰু তাৰপিছতে বৃদ্ধ কোষেশ্বৰ দত্তৰ কু-কীৰ্তি পোহৰলৈ আহে। আৰু  অৱশেষত নাৰী মুক্তি সংগ্ৰামী সেনানীৰ সহায়ত নিৰ্যাতিত ছোৱালীজনীয়ে দিয়া এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে আটক কৰে বৃদ্ধ কোষেশ্বৰ দত্তক ৷
    Published by:Himangshu Bhuyan
    First published: