• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Flood : ''বানৰ মোকাবিলাৰ বাবে চৰকাৰৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন''- বাক্সাত মন্ত্ৰী যোগেন মহন

Assam Flood : ''বানৰ মোকাবিলাৰ বাবে চৰকাৰৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন''- বাক্সাত মন্ত্ৰী যোগেন মহন

তেওঁ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰায় পোন্ধৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি কয়।

তেওঁ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰায় পোন্ধৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি কয়।

তেওঁ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰায় পোন্ধৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি কয়।

  • Share this:
''ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ হাতত আছে পৰ্যাপ্ত পৰিমাণৰ ধন। ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্যালয়ত সাহায্যৰ ধন মজুত ৰখা হৈছে ৷ বৰ্তমানলৈ নালাগে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য ৷ সম্প্ৰতি বানত ক্ষতিগ্ৰস্তক সাহায্য দিবলৈ প্ৰায় ১৫০ কোটি টকাৰ প্ৰয়োজন ৷ আমাৰ চৰকাৰৰ হাতত মজুত আছে ধন ৷''- এই মন্তব্য কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে।

বান পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে আজি বাক্সা জিলা উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী যোগেন মহনে। জিলাখনৰ লোকনিৰ্মাণ বিভাগ, বন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ভূমি সংৰক্ষণ বিভাগকে আদি কৰি প্ৰায়কেইটা বিভাগৰ পৰা বান পানীত ক্ষতিগ্ৰস্ত লোকৰ পৰিসংখ্যাৰ হিচাপ লৈ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তথ্য সংগ্ৰহ কৰাৰ কাৰণে ৰাজহ চক্ৰ বিষয়াসকলক দায়িত্ব দিয়াৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে সমগ্ৰ ৰাজ্যখনতে প্ৰায় পোন্ধৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি কয়। এইসমূহক সাহায্য দিবলৈ প্ৰায় ডেৰশ কোটি টকাৰ প্ৰয়োজন হ'ব৷ উল্লেখ্য যে বৈঠক সমাপ্ত কৰি বাক্সা জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন  কৰে মন্ত্ৰী যোগেন মোহনে। মন্ত্ৰী গৰাকীক সংগ দিয়ে বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো আৰু বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি