হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল বিজেপি দলত বিলীন হৈ গ’লে ইউ পি পি এল দলৰ একো ক’বলগীয়া নাই৷ অৱশ্যে মিত্ৰদল হিচাপে ইউ পি পি এল বা অগপৰ সমৰ্থন অবিহনে হাগ্ৰামাক বিজেপি দলত চামিল নকৰে৷ সম্প্ৰতি বিটিআৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ চৰ্চা চলি থকাৰ সময়তে এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ইউ পি পি এল দলৰ প্ৰাক্তন সভাপতি ইউ জি ব্ৰহ্মই৷
বাক্সা জিলাৰ বিজেপি দলৰ মুখ্য কাৰ্যালয়ত এখন সভাত অংশ লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই কয়, বিজেপি দলে এতিয়ালৈকে বিপিএফ দলক মিত্ৰজোঁটৰ সদস্য হিচাপে গ্ৰহণ কৰা নাই৷ হয়তো ভৱিষ্যতেও নকৰে৷ যদিহে বিপিএফ দলটো সম্পূৰ্ণৰূপে বিজেপিত চামিল হৈ যাব বিচাৰে তেন্তে তাত ইউ পি পি এল দল হিচাপে একো ক’বলগীয়া নাই৷ হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত কিদৰে সুৰক্ষিত কৰে সেয়া তেওঁলোকৰ নিজৰ কথা৷
আনহাতে, উপ–নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে ইতিমধ্যে গোসাইগাঁও সমষ্টিটো ইউ পি পি এল দলক দিছে ৷ সেইদৰে তামুলপুৰ সমষ্টিটো ইউ পি পি এল দলে মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব৷
আনহাতে, বিটিচি পৰিষদৰ মিত্ৰদল জি এছ পি দলৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ বৰ্তমানৰ ৰাজনৈতিক কুচকাৱাজ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই৷ তেওঁ কয় যে ৰাজনৈতিকভাৱে সাংসদ নৱ কুমাৰ শৰণীয়াই কিদৰে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব সেয়া তেওঁৰ বিষয়৷ কিন্তু বিটিচিত আমি মিত্ৰ হিচাপে আছো৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|