মধ্যাহ্ন ভোজনৰ কৰ্মীৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৈঠক, কি সিদ্ধান্ত হ’ল বৈঠকত?

নিম্নমানৰ খাদ্য যোগান ধৰা NGOৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো আশ্বাস মন্ত্ৰীগৰাকীৰ।

News18-Assam
Updated:November 4, 2019, 2:37 PM IST
মধ্যাহ্ন ভোজনৰ কৰ্মীৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৈঠক, কি সিদ্ধান্ত হ’ল বৈঠকত?
নিম্নমানৰ খাদ্য যোগান ধৰা NGOৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো আশ্বাস মন্ত্ৰীগৰাকীৰ।
News18-Assam
Updated: November 4, 2019, 2:37 PM IST
মধ্যাহ্ন ভোজনৰ কৰ্মীৰে শিক্ষামন্ত্ৰীৰ বৈঠক। জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠক মিলিত হয় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ দৰেই মাননি পাই থাকিব মধ্যাহ্ন ভোজনৰ কৰ্মীয়ে। পূৰ্বৰ দৰেই বেংকৰ একাউণ্টৰ জৰিয়তে লাভ কৰিব মাননি। মধ্যাহ্ন ভোজনৰ কৰ্মীৰ এতিয়া কাম কমিলহে।

নিম্নমানৰ খাদ্য যোগান ধৰা NGOৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো আশ্বাস মন্ত্ৰীগৰাকীৰ। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ চাকৰি কৰ্তন নোহোৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীৰ। ৩ বছৰৰ বাবে NGOক দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে, NGOই মধ্যাহ্ন ভোজন কৰ্মীক কামৰ পৰা আঁতৰাব নোৱাৰিব বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি