নিজে উত্থাপন কৰা বিধেয়কৰ বিষয়ে নাজানে মন্ত্ৰী সঞ্জয় কিষাণে। বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত বিপদত পৰে শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণ ৷ সদনত ‘দ্যা ফেক্টৰিজ (আসাম ছেকেণ্ড এমেণ্ডমেণ্ট) বিল’ ২০২০ উত্থাপন কৰিছিল সঞ্জয় কৃষাণে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিধেয়কখন উত্থাপন কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু AIUDFৰ বিধায়ক আমিনুল ইছলামে বিধেয়কখনৰ আওতাত চাহ শ্ৰমিক আহিব নে নাই বুলি প্ৰশ্ন কৰাৰ লগে লগে বিপাঙত পৰে মন্ত্ৰীগৰাকী।
মন্ত্ৰী সঞ্জয় কিষাণে নাজানে বিধেয়কখনৰ ভিতৰত কি আছে! বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি বিধেয়কৰ পাত ইফাল-সিফাল কৰিয়েই কিছু সময় পাৰ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ এনে অৱস্থা দেখি অধ্যক্ষ হীতেন্দ্ৰনাথ গোস্বামীয়ে উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সহায় কৰিবলৈ আহ্বান জনায়।
অধ্যক্ষৰ আহ্বান মৰ্মে মন্ত্ৰী পাটোৱাৰীয়ে বিপাঙত পৰা মন্ত্ৰী সঞ্জয় কিষাণক সহায় কৰে ৷ উদ্যোগ মন্ত্ৰীয়ে সদনত জনায়- “শ্ৰমিকক লৈ অসমত আছে বহু আইন ৷ ফলত কেতিয়াবা সমস্যাৰ সৃষ্টি হয়। গতিকে সকলো আইন একত্ৰিত কৰি এখন আইন কৰাৰ প্ৰয়োজন আছে।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|