உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ULFA-I : আলফা স্বাধীনে মন্ত্ৰী সঞ্জয় কিষাণক ক্ষমা খোজাৰ সময় দিলে ২৪ ঘণ্টা, অন্যথা ল'ব এনে ব্যৱস্থা

    ULFA-I : আলফা স্বাধীনে মন্ত্ৰী সঞ্জয় কিষাণক ক্ষমা খোজাৰ সময় দিলে ২৪ ঘণ্টা, অন্যথা ল'ব এনে ব্যৱস্থা

     কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব।

    কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব।

    কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব।

    • Share this:
    আলফাৰ শিবিৰত বিজু গগৈৰ মৃত্যু সন্দৰ্ভত সাংবাদিকৰ আগত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীন)-এ।

    নিষিদ্ধঘোষিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুৰেল অসমে প্ৰেৰণ কৰা এক বিবৃতিত যোৱা ৭ মে'ত দুগৰাকী সদস্যক মৃত্যুদণ্ড দিয়াৰ কথা অৱগত কৰি বিজু গগৈয়ে (ULFA-I Member Biju Gogoi Death Case) মুখলজ্জাৰ ভয়তে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰে।

    বিবৃতিটোত লগতে উল্লেখ কৰে- ''বিজু গগৈৰ মৃত্যু সন্দৰ্ভত আমাৰ সংগঠনৰ তৰফৰ পৰা স্পষ্ট তথ্য-প্রমাণ অসমৰ থলগিৰি সংগ্ৰামী জনগণৰ জ্ঞাতাৰ্থে ৰাজহুৱা কৰা হৈছে। আমি ৰাজহুৱা কৰা তথ্য-প্রমাণক প্রত্যাহ্বান জনাই বিজু গগৈৰ পৰিয়ালৰ কোনোৱে অধিক প্রমাণ বিচাৰিলে সেয়া আমি দিবলৈ প্ৰস্তুত বুলি ৰাইজক অৱগত কৰাৰ পিছতো তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই কোনোধৰণৰ সত্যাসত্য বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত অসমৰ হেৰুওৱা স্বাধীনতা পুনৰোদ্ধাৰৰ বাবে যোৱা চাৰি দশক ধৰি সশস্ত্র বিপ্লৱ অব্যাহত ৰখা “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ সন্মানীয় সভাপতি মহাশয়ৰ বিৰুদ্ধে “মিছলীয়া” শব্দৰ প্ৰয়োগেৰে অপমানসূচক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। তেখেতৰ লগতে আমাৰ সংগঠনৰ ভাবমূৰ্তিৰ আঘাত সনা কাৰ্যক আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। সেয়েহে আমি ইয়াৰ তীব্র প্রতিবাদ কৰি তেখেতৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰিছোঁ।

    গতিকে তেখেতে তেখেতৰ অপৰাধৰ বাবে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)" সংগঠনৰ ওচৰত যদি ক্ষমা-প্ৰাৰ্থনা নিবিচাৰে, তেন্তে সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক নিষিদ্ধ ঘোষণা কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষাণৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্যাৱলীত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিবলৈ এই বিবৃতিৰ যোগে আহ্বান জনালোঁ । ইয়াৰ বিপৰীতে কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষাণৰ সমৰ্থনত ওলাই আহিলে তেখেতসকলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব। তাৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) (ULFA-I) সংগঠন কোনো প্ৰকাৰে দায়ী নহয়।''

    উল্লেখ্য বিজু গগৈৰ মৃত্যুক লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Sanjoy Kishan) নগাঁৱৰ আমোলাপট্টি মণ্টেশ্বৰী স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি  কৈছিল- ‘‘পৰেশ বৰুৱাই আগতেও বহুত মিছা কথা কৈছে। পৰেশ বৰুৱাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে। ইমানদিনে অসমৰ ৰাইজে তেওঁৰ কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেয়ে তেওঁৰ বিষয়ে আৰু কোৱাৰ একো প্ৰয়োজন নাই।’’
    Published by:Gautam Barman
    First published: