নগাঁৱৰ আমোলাপট্টি মণ্টেশ্বৰী স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক কঠোৰ সমালোচনা কৰে।
নগাঁৱৰ আমোলাপট্টি মণ্টেশ্বৰী স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক কঠোৰ সমালোচনা কৰে।
‘‘পৰেশ বৰুৱাই আগতেও বহুত মিছা কথা কৈছে। পৰেশ বৰুৱাৰ কথা অসমৰ ৰাইজে ভালকৈ জানে। ইমানদিনে অসমৰ ৰাইজে তেওঁৰ কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেয়ে তেওঁৰ বিষয়ে আৰু কোৱাৰ একো প্ৰয়োজন নাই।’’ – আলফাৰ শিবিৰত বিজু গগৈৰ লগতে বহু অসমীয়া যুৱকৰ মৃত্যু সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে।
নগাঁৱৰ আমোলাপট্টি মণ্টেশ্বৰী স্কুলত গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক কঠোৰ সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বৰ্তমান প্ৰগতিৰ পথত আগবাঢ়িছে। এনে সময়ত আলফালৈ অসমীয়া যুৱকৰ গমনে তেওঁলোকৰ ভৱিষ্যত ক্ষতিগ্ৰস্ত কৰিব। আলফাৰ পৰা ঘূৰি অহা ল'ৰাসকলে সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে। এনে পন্থাই অসমৰ উন্নয়নক বাধাগ্ৰস্তহে কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|