• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে ক’লে – ধৈৰ্য ধৰক

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে ক’লে – ধৈৰ্য ধৰক

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নাগালেণ্ডৰ একাংশ লোকৰ এনে কাৰ্যত লিপ্ত হোৱাত বহুতৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নাগালেণ্ডৰ একাংশ লোকৰ এনে কাৰ্যত লিপ্ত হোৱাত বহুতৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নাগালেণ্ডৰ একাংশ লোকৰ এনে কাৰ্যত লিপ্ত হোৱাত বহুতৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

  • Share this:
অসম আৰু নাগালেণ্ডৰ মাজত সীমা সমস্যাক লৈ শেহতীয়াকৈ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু তাৰ পিছতো অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীত নাগালেণ্ডৰ একাংশ দুষ্কৃতিকাৰীয়ে সন্ত্ৰাস অব্যাহত ৰাখিছে। কিন্তু এই সন্দৰ্ভত গা এৰা মন্তব্য প্ৰদান কৰিছে যোৰহাটৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে সীমান্তবাসীক কিছু ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে।

যোৰহাট জিলাৰ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত নাগালেণ্ডৰ একাংশ লোকে অসমৰ বনাঞ্চল বেদখল কৰি তাত স্থায়ীভাৱে নিৰ্মাণকাৰ্য চলাবলৈ চেষ্টা কৰোতে কিছুদিন পূৰ্বে সৃষ্টি হৈছিল উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। নাগালেণ্ডৰ বেদখলত বাধা দিবলৈ উক্ত অঞ্চলত বৃহৎ সংখ্যক অসম আৰক্ষী মোতায়েন কৰি আৰক্ষীৰ কেম্প স্থাপন কৰা হৈছিল। কিন্তু মিজোৰাম সীমান্তত শেহতীয়াকৈ সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছতে অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ ক্ষেত্ৰত পৰিস্থিতি কিছু সলনি হয়।

অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় আৰু দুয়োপক্ষই সীমান্তৰ পৰা আৰক্ষীৰ কেম্পসমূহ আঁতৰাই আনে। কিন্তু তাৰ পিছতো মৰিয়নী সীমান্তত নাগালেণ্ডৰ একাংশ দুষ্কৃতিকাৰীৰ সন্ত্ৰাস অব্যাহত আছে। অপহৰণ, সীমান্তবাসীক ভাবুকি প্ৰদানকে ধৰি বিভিন্ন কাৰ্যৰে নাগালেণ্ডৰ একাংশ লোকে একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে সীমান্ত অঞ্চলত।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত নাগালেণ্ডৰ একাংশ লোকৰ এনে কাৰ্যত লিপ্ত হোৱাত বহুতৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এই সন্দৰ্ভত যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে কিছু ধৈৰ্য ধৰিবলৈ সকলোকে আহ্বান জনাইছে। সীমান্তত শেহতীয়াকৈ একাংশ দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ সন্দৰ্ভত কিছু গা এৰা মন্তব্যহে প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

"আমি দুয়োখন ৰাজ্য সহমতত উপনীত হৈছো যে আমি সমস্যাখিনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিম। ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজত এই সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ বাবে কিছু ধৈৰ্য লাগিব আৰু অপেক্ষা কৰিব লাগিব। সীমান্তত নাগালেণ্ড আৰক্ষীয়ে নতুনকৈ কোনো কেম্প বহুৱাৰ চেষ্টা কৰা নাই। দুষ্কৃিতিকাৰী বা কোনো মানুহৰ অহাযোৱা সীমান্ত অঞ্চলত থাকিবই।", যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে এনেদৰে কয়।

সাংবাদিকে সীমান্তত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা সন্ত্ৰাসৰ সন্দৰ্ভত বাৰম্বাৰ প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে সমগ্ৰ পৰিস্থিতি চৰকাৰৰ তীক্ষ্ণ নিৰীক্ষণত আছে। উল্লেখযোগ্য, যিকোনো আলোচনা বা চুক্তিৰ ক্ষেত্ৰত অসমৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই অহা হৈছে যদিও নাগালেণ্ডৰ তৰফৰ পৰা সীমান্তত একাংশ লোকে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি অহাটো এক নিয়মত পৰিণত হৈছে। কিন্তু এই ক্ষেত্ৰত প্ৰায়ে নিৰাপদ দূৰত্বত অৱস্থান কৰি আহিছে অসমৰ কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published: