তুংগত উঠিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান৷ শাসক–বিৰোধী সকলো ব্যস্ত ভোটাৰ ৰাইজৰ কাষ চপাৰ৷ আকৰ্ষণীয় হৈ পৰিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰেক্ষাপট।
শুকুৰবাৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজে পেগুৱে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ প্ৰথমে ১৪নং সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাহুল দেউৰীৰ হৈ প্ৰচাৰ চলোৱাৰ পিছেতেই দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ১৩নং বৰদলনি সমষ্টিৰ অগপৰ প্ৰাৰ্থী চিদানন্দ দেউৰীৰ হৈ।
এই সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে দেউৰী পৰিষদ বিজেপি মিত্ৰজোটেঁ গঠন কৰিব৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ এতিয়াও বুজাপৰা আছে৷ লগতে ২০২৪ লোকসভা নিৰ্বাচনত তেওঁলোকে কোনোধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে বুলিও প্ৰকাশ কৰে।
উল্লেখ্য, অহা ৮ নৱেম্বৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২ পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|