Dhubri Minister Visit : ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাস, বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা
Dhubri Minister Visit : ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাস, বিভিন্ন বিভাগৰ কামৰ পৰ্যালোচনা
অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়া, কেবাজনো পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰীগৰাকীয়ে প্ৰথমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম- কাজৰ পৰ্যালোচনা কৰে৷
ধুুবুৰী জিলাত এম জি এনৰেগাৰ ৰূপায়নত হোৱা অগ্ৰগতিক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ এমজিএনৰেগাৰ অধীনত গ্ৰীণ গেলাৰী নিৰ্মাণৰ পৰামৰ্শ দিয়ে৷ আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰু কিস্তিৰ ধন লৈ ঘৰ নিৰ্মাণ নকৰা হিতাধিকাৰীসকলক মাতি আনি বুজাবলৈ মন্ত্ৰীগৰাকীয়ে খণ্ড উন্নয়ণ বিষয়াসকলক নিৰ্দেশ দিয়ে৷
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰ্যালোচনা কৰাৰ সময়ত জিলা উপায়ুক্তই মন্ত্ৰীগৰাকীক ধুবুৰীৰ পৰা তিনি টন কঠাল ডুবাইলৈ ৰপ্তানিৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱা বুলি জনোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে আৰু আনুষ্ঠানিকভাৱে ৰপ্তানি কৰাৰ সময়ত উপস্থিত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ জলজীৱন মিছনৰ পৰ্যালোচনা কৰি মন্ত্ৰী দাসে কয় যে বহু ধন খৰছ কৰি নিৰ্মাণ কৰা পানী যোগান আঁচনিবোৰ চলাই ৰখাৰ দায়িত্ব ৰাইজৰ আৰু পঞ্চায়তৰ৷ তেওঁ নিৰ্মাণ সম্পূৰ্ণ হোৱা পানী যোগান আঁচনিবোৰৰ বাবে পানী সমিতি এপ্ৰিল মাহৰ ভিতৰত গঠন কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে৷ আঁচনিবোৰ সমিতিক হস্তান্তৰ কৰাৰ সময়ত খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সভাপতি-সচিবক মাতিবলৈ নিৰ্দেশ দিয়ে৷
শিক্ষা বিভাগৰ পৰ্যালোচনা কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে ৭৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহলৈ চৰকাৰে দিবলগীয়া বিশেষ অনুদানৰ প্ৰসংগ উল্লেখ কৰে৷ এই অনুদানৰ বাবে ধুবুৰী জিলাৰ ১৬খন মান বিদ্যালয় যোগ্য বিবেচিত হ'ব বুলি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে অৱগত কৰে৷ বিদ্যালয়ৰ নিৰ্মাণ সমিতিত অন্তৰ্ভুক্ত হ'ব প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অৰ্থাৎ এলুমনি এছ'চিয়েছনৰ প্ৰতিনিধি৷ তালিকাভুক্ত হ'বলগীয়া সাম্ভাব্য আটাইকেইখন বিদ্যালয়তে আনুষ্ঠানিকভাৱে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পাতি বিষয়ববীয়া নিৰ্বাচনৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷
মন্ত্ৰী ৰণজিত কুমাৰ দাসে ধুবুৰীত কণীৰ উৎপাদন বঢ়োৱাত জোৰ দিবলৈ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কৃষি, লোক নিৰ্মাণ, বন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগবোৰৰ কাম-কাজৰো পৰ্যালোচনা কৰে৷ তেওঁ সকলো বিষয়াকে অধিক উদ্যম আৰু উৎসাহেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|