বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Minister Ranjit Kumar Das: বৰপেটাৰ কেঞ্চাৰ হস্পিটাল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

Minister Ranjit Kumar Das: বৰপেটাৰ কেঞ্চাৰ হস্পিটাল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

Minister Ranjit Kumar Das: বৰপেটাৰ কেঞ্চাৰ হস্পিটাল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

Ranjit Kumar Das: বৰপেটা মেডিকেল কলেজ হস্পিটালখন পৰ্যায়ক্ৰমে ছুপাৰ স্পেচিয়েলিটী হস্পিটাললৈ উত্তৰণ ঘটোৱা হব বুলিও মন্তব্য কৰে ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das) আজি বৰপেটা কেঞ্চাৰ হস্পিটাল (Barpeta Cancer Hospital) পৰিদৰ্শন কৰে  ৷উদ্বোধনৰ পিছত প্ৰথমবাৰৰ বাবে কেঞ্চাৰ হস্পিটালখন পৰিদৰ্শন কৰি বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে হস্পিটালখনৰ জৰিয়তে কেঞ্চাৰ ৰোগীসকলে চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰা সুবিধাৰ কথা প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰামতে চেন্নাই, ভেলোৰ বা আন উন্নত হস্পিটাল সমুহত লাভ কৰা চিকিৎসা সেৱাৰ একেই সুবিধা বৰপেটা কেঞ্চাৰ হস্পিটালখনৰ পৰাও ৰোগীসকলে (Cancer Patients) লাভ কৰিছে।

বিজ্ঞাপন

উদ্বােধনৰ পিচত হস্পিটালখনত বিগত আঢ়ৈ মাহত ২,১৯১ গৰাকী ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৮১৯ গৰাকী আন্তঃবিভাগৰ ৰোগী, ৫৭৯ গৰাকী কেমো প্ৰদান কৰাৰ লগতে ৩৯৯ গৰাকী ৰোগীৰ চিটি স্কেন  আৰু ৯৩ গৰাকী কৰ্কট ৰোগীৰ ৰেডিয়েছন চলি থকাৰ কথা তেও উল্লেখ কৰে ৷ আনহতে পৰিদৰ্শনৰ সময়তে হস্পিটালত চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ মনৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

কেঞ্চাৰ হস্পিটালখন পৰিদৰ্শন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সন্তুষ্টি প্ৰকাশ কৰে ৷ আনহাতে বৰপেটা মেডিকেল কলেজ হস্পিটাল (BMCH)খন পৰ্যায়ক্ৰমে ছুপাৰ স্পেচিয়েলিটী হস্পিটাললৈ উত্তৰণ ঘটোৱা হব বুলিও মন্তব্য কৰে ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন