ভুটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰিছে ৷ বানে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰপেটা, বাক্সা, চিৰাং, বজালীকে ধৰি সমগ্ৰ নামনি অসমত ৷ এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ শনিবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা জিলাৰ এলেংমাৰী অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ভুটানে বহু কিউমেক পানী এৰিব ৷ সেয়ে ভুটানে পানী এৰাৰ ফলত প্ৰায় ৩০ মিটাৰ মান খহাই নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি ভুটানৰ পানীৰ প্ৰকোপত বেঁকী নৈৰ কাষৰ কিছু অংশ খহাই নিয়ে তেন্তে বিগত 2004 চনতকৈও ভয়াৱহ ৰূপত বানপানী হোৱাৰ আশংকা কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।
এই সম্পৰ্কত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অৱগত কৰোৱাৰ কথাও জানিবলৈ দিয়ে ৷ অৱশ্যে যদি ভুটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী কম কমকৈ এৰে তেন্তে হয়তো বেঁকী নৈৰ বহন ক্ষমতা থাকিব ৷ কিন্তু যদি বেঁকী নৈৰ বহন ক্ষমতাতকৈ বেছি পৰিমাণে কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়ে তেন্তে বৰপেটা,বাক্সা, বজালী, চিৰাঙকে ধৰি সমগ্ৰ নামনি অসমত যে বানে বিভিষিকাময় ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত ।
বিগত বৰ্ষতো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বানপানীৰ সময়ত বাক্সাৰ এলেংমাৰী অঞ্চল পৰিদৰ্শন কৰি বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অস্হায়ীভাৱে কাম কৰাৰ পদক্ষেপ লোৱা হৈছিল বুলি উল্লেখ কৰে ৷ কিন্তু বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বেঁকী নৈৰ এলেংমাৰীত স্হায়ীভাৱে প্ৰতিৰোধৰ বাবে বিভাগীয়ভাৱে নিবিদা লোৱা হৈছে যদিও বৰ্তমানলৈকে উক্ত স্হায়ী কামটোৰ মঞ্জুৰী হোৱা নাই বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ তথাপিতো বিভাগীয় লোকক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা দিয়া বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ লগতে বি টি আৰৰ ই এম গৌতম দাসে চোৱাচিতা কৰিব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
ইতিমধ্যে বাক্সাৰ এলেংমাৰী অঞ্চলৰ প্ৰায় ১৩০ টা পৰিয়াল আৰু বালিপুৰৰ প্ৰায় ৬৯টা পৰিয়ালৰ লাব্দাংগুৰী অঞ্চলত আশ্ৰয় দিয়া হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফকো সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰি কয় পূৰ্বৎ ১খন নাও আছিল যদিও বৰ্তমান ৬খন নাৱৰ ব্যৱস্থা কৰা হৈছে।
ভুটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰি দিয়াৰ পাছত হব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বানপানী পৰিদৰ্শন কৰা সময়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে বি টি আৰৰ ই এম গৌতম দাসেও উপস্থিত থাকে ৷
- First Published :