মুখ্যপৃষ্ঠা »খবৰ »অসম »BJP Bike Rally: বৰপেটাৰোডত বিজেপিৰ বাইক ৰেলীত মন্ত্ৰী ৰণজিত কুমাৰ দাস

BJP Bike Rally: বৰপেটাৰোডত বিজেপিৰ বাইক ৰেলীত মন্ত্ৰী ৰণজিত কুমাৰ দাস

অসমত বৰ্তমান ৬৫ লাখ পৰিয়াল আছে ৷ তাৰ ভিতৰত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হৈছে ৷ বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

অসমত বৰ্তমান ৬৫ লাখ পৰিয়াল আছে ৷ তাৰ ভিতৰত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হৈছে ৷ বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

  • Share this:
বৰপেটাৰোড গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ
বৰপেটা জিলা সমিতিৰ সহযোগত মঙ্গলবাৰে অনুষ্ঠিত বিজেপিৰ বাইক ৰেলী (BJP Rally)ত অংশ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰী গৰাকীয়ে কয়, 'হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচীকলৈ সমগ্ৰ অসমতে তোলপাৰ লাগিছে ৷ যুৱ মৰ্চাৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে সমগ্ৰ অসমতে বাইক ৰেলী কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ মাজত জাগৰণ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে ৷'

এই মূহৰ্তলৈকে অসমত ৫৩ লাখ ত্ৰিৰংগা পতাকা (National Flag) বিক্ৰী হোৱাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi), ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ লগতে অসমবাসীক ধন্যবাদ জনায় ৷ অসম সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ জৰিয়তে ৫৩ লাখ ত্ৰিৰংগা পতাকা বিক্ৰী হোৱা বুলি কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে ৪৩ হাজাৰ সূলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেহাই মূল্যত আৰু ২০ লাখ ত্ৰিৰংগা ইতিমধ্যে বিক্ৰী হৈছে বুলিও কয় ৷

অসমত বৰ্তমান ৬৫ লাখ পৰিয়াল আছে ৷ তাৰ ভিতৰত ৫৩ লাখ ত্ৰিৰংগা বিক্ৰী হৈছে ৷ বাকী ১০ লাখ পৰিয়ালে এইকেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

শেহতীয়া বাতৰি