
বঙাইগাঁৱত আজিৰে পৰা আৰম্ভ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুই বিৰোধী দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
বঙাইগাঁৱত আজিৰে পৰা আৰম্ভ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুই বিৰোধী দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
বৰ্তমান সময়ত এআইইউডিএফ কংগ্ৰেছ দলক সংবাদ মাধ্যমে জীয়াই ৰখা বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ বঙাইগাঁৱত আজিৰে পৰা আৰম্ভ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুই বিৰোধী দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেঁও কয় যে বৰ্তমান সময়ত অসমত এআইইউডিএফ আৰু কংগ্ৰেছ বোলা কোনো বস্তু নাই ৷ মিডিয়াইহে এইবোৰ জীয়াই ৰাখিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত সম উন্নয়ণ সাধন সম্ভপৰ হৈ উঠাত সকলোৱে বিজেপিক সমৰ্থন কৰি গৈ আছে ৷ কিন্তু সংবাদ মাধ্যমত কংগ্ৰেছ - এআইডিএফৰ বাতৰি দেখি একাংশ সংখ্যালঘু লোকৰ মনত দলটোলৈ মনত পৰে ৷ যাৰ ফলত বঙাইগাঁও , গোৱালপাৰা , বৰপেটা , ধুবুৰীৰ দৰে ঠাইত দল দুটাক ভোট লাভ কৰি আহিছে ৷ আনহাতে দলে মাদ্ৰাছা উচ্ছেদক লৈ এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে আদালতৰ দ্বাৰস্থ হ’ব বুলি কৰা ঘোষণাক ৰাজ্যৰ আইন মন্ত্ৰী হিচাপে ৰঞ্জিত কুমাৰ দাসে আদৰণি জনায় ৷ তেঁও কয় আইন আদালত সকলোৰে বাবে সমান ৷ আদালতে এই সম্পৰ্কে যুক্তিযুক্ততা বিবেচনা কৰিব ৷ চৰকাৰেও এই সম্পৰ্কত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|