এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ ব্যৱস্থা। পলমকৈ হ'লেও অসমো অন্তৰ্ভুক্ত হ'ল খাদ্য সুৰক্ষা আইনৰ অধীনৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিত। সমান্তৰালভাৱে ভুৱা ৰেচন কাৰ্ডৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।
ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শনিবাৰৰ সংবাদ মেলত জনোৱা মতে, অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৩৩,৯৭৮খন সুলভ মূল্যৰ দোকান আছে, য'ত অসমত এই পৰ্যন্ত ৫,৮৯,০৯২৭ টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে নিজৰ নামত অহা খাদ্যসামগ্ৰী ক্ৰয় কৰি আছে। ইয়াৰ মাজতে অৱশ্যে বিগত তিনি মাহত ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১ লাখ ২৬ হাজাৰ ১২৩ গৰাকী লোকে নিজৰ ৰেচন কাৰ্ড ওভতাই দিছে চৰকাৰক।
মুঠৰ ওপৰত ৰেচন কাৰ্ডৰ ব্যৱস্থাটো অধিক স্বচ্ছ আৰু নিকা কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও। এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্য হিতাধিকাৰীয়ে bio metric পদ্ধতিৰ জৰিয়তে দেশৰ যিকোনো স্থানত খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত জনাই খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
সুলভ মূল্যৰ দোকানত এতিয়াৰে পৰা থাকিব একোটাকৈ ইলেক্ট্ৰনিক পইন্ট অফ চেল ডিভাইচ মেচিন। ইলেক্ট্ৰনিক পইন্ট অফ চেল ডিভাইচ মেচিনত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই এদিন নিজে গৈ দিব লাগিব bio metric। ইফালে প্ৰত্যেকখন ৰেচন কাৰ্ডৰ সৈতে হিতাধিকাৰীয়ে আধাৰ কাৰ্ডো সংযোগ কৰিব লাগিব বুলি জনাইছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকী লগতে জনায় যে এইপৰ্যন্ত অসমৰ মাত্ৰ ২৮% লোকেহে আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিছে নিজৰ ৰেচন কাৰ্ড। দুখীয়া ৰাইজৰ বাবে অহা চাউলক লৈ এচাম বিষয়াই বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আছিল, সেই সম্পৰ্কতো কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে চোকা নজৰ ৰাখিছে বুলি জনাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে। শনিবাৰৰ সংবাদ মেলত মন্ত্ৰীগৰাকীৰ লগতে বিভাগটোৰ আন কেইবাজনো উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|