বৰপেটাৰ পাটবাউসীতআজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ পাটবাউসী অঞ্চলৰ বানপৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে কেবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ দূৰ্গত লোকসকলৰ অৱস্থাৰ বুজ লয় ৷
বৰপেটাৰ পাটবাউসীতআজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ পাটবাউসী অঞ্চলৰ বানপৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে কেবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ দূৰ্গত লোকসকলৰ অৱস্থাৰ বুজ লয় ৷
বৰপেটাৰ পাটবাউসীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি কয় যে পূৰ্বৰ দৰে বছৰেকৰ মূৰত নহয়, বানত ক্ষতিগ্ৰস্তই সময়মতে পাব লাগিব ক্ষতিপূৰণ ৷ তাৰ বাবে সম্ভৱ হ'লে চলিত মাহৰ ভিতৰতে বানত ক্ষতিগ্ৰস্তৰ তালিকা যুগুত কৰাৰ বাবে মণ্ডল আৰু গাঁওবুঢ়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিয়া মতে, আগষ্ট মাহৰ ভিতৰত বানত ক্ষতিগ্ৰস্থ লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে চেষ্টা চলাইছে আৰু তাৰবাবে শীঘ্ৰে ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ লগতে বান ক্ষতিগ্ৰস্থৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত কোন ধৰনৰ লেন-দেন নকৰিবলৈ মণ্ডল আৰু গাঁওবুঢ়াসকলৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সকীয়াই দিয়ে ৷
ইপিনে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি পাটবাউসী অঞ্চলৰ শিবিৰসমুহত সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকসকলক নেদেখি অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে বৃহস্পতিবাৰৰ পৰা 'ছিফ্ট' অনুসৰি শিক্ষকসকলক শিবিৰত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে ৷
উল্লেখযোগ্য যে বৰপেটা জিলাত এই পৰ্যন্ত ৬০৯ খন গাঁৱৰ প্ৰায় ১২ লাখ ৬০,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ বাবে জিলাখনত ১৬৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰ সমূহত প্ৰায় এক লাখ লোকে আশ্ৰয় লৈছে। জিলাখনত ২৭,৬০৬ হেক্টৰ মাটিৰ খেতিও নষ্ট হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|