পাৰ্কুপাইন নিৰ্মাণৰ ১৫খন আঁচনিত হোৱা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ জিলা উপায়ুক্তক ৷ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ'ক নিৰ্দেশ৷
পাৰ্কুপাইন নিৰ্মাণৰ ১৫খন আঁচনিত হোৱা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ জিলা উপায়ুক্তক ৷ বনাঞ্চলৰ তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ডি এফ অ'ক নিৰ্দেশ৷
ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰী জিলাৰ কোভিড পৰিস্থিতিৰ লগতে জিলাখনত তেওঁৰ অধীনত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ কাজৰ পৰ্যালোচনা কৰে ৷
এই পৰ্যালোচনাকালতে জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এম জি এনৰেগাৰ জৰিয়তে কৰা পাৰ্কুপাইন নিৰ্মাণৰ ১৫খন আঁচনিত হোৱা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তক ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নণ বিভাগৰ বিষয়াসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয়- 'বিভাগটোৰ সকলোৱে এতিয়া পূৰ্বৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব ৷ কোনোধৰণৰ দুৰ্নীতি সহ্য কৰা নহ'ব৷
একেদৰে ধুবুৰী জিলাত বেদখলকাৰীৰ কবলত থকা ৭২.৩৬ হেক্টৰ বনাঞ্চলৰ আৰু ২৩১ হেক্টৰ প্ৰস্তাৱিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান চলাই শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে ডি এফ অ'ক নিৰ্দেশ দিয়ে৷
বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা পৰিয়ালক খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেছন কাৰ্ড পৰিহাৰ কৰি প্ৰকৃতাৰ্থত দুখীয়া পৰিয়ালক কাৰ্ড লাভৰ সুযোগ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলক প্ৰয়োজনত কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ ধুবুৰীত এনেধৰণৰ ত্ৰিশ সহস্ৰাধিক পৰিয়াল থকা বুলি উল্লেখ কৰি শীঘ্ৰে তেওঁলোকক বিচাৰি উলিওৱা হ'ব বুলি কয়৷
পৰ্যালোচনা বৈঠকৰ অন্তত অভিভাৱক মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে জিলাখনত বিভিন্ন বিভাগত খালী হৈ থকা পদবোৰ পূৰণৰ বাবে তেওঁ বিভাগীয মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলি কয়৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|