নলবাৰী জিলাৰ কৃষকৰ বাবে আহিল সুখবৰ। টিহু বজালী কৃষি বিকাশ আৰু উৎপাদক গোটৰ অধীনত নলবাৰীৰ টিহুত দেওবাৰে মুকলি হ'ল বৃহত্ ধান কল। স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ফিটা কাটি উদ্বোধন কৰিলে ধান কলটো।
৬৫০ কৃষকৰ অংশীদাৰ থকা এই ধান কলত প্ৰতি ঘণ্টাত দুই টন ধান বানিব পৰা হ'ব। লগতে অঞ্চলটোৰ কৃষকৰ ধান ক্ৰয় কৰি ৰখা হ'ব নিজা গুদামত। অসম জহা নামৰ ব্ৰেণ্ডত উৎপাদন হ'ব থলুৱা কৃষকৰ জৈৱিক চাউল। টিহু তথা বজালী অঞ্চলৰ কৃষক এই উদ্যোগৰ পৰা উপকৃত হ'ব বুলি জনাই টিহু-বজালী কৃষি বিকাশ আৰু উৎপাদক কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বাণী কলিতাই।
এই উদ্দেশ্যে বাণী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত উদ্বোধনী সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ পৰিচালন সঞ্চালক দিগন্ত দাস, বিশেষ কাৰ্যবাহী বিষয়া প্ৰফুল্ল শইকীয়া, অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ ড০ অৰূপ মিশ্ৰ, নলবাৰী জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহঃ প্ৰবন্ধক বিশ্বজিৎ পেগু আদি কেইবাজনেও অংশ লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|