
File Photo
শনিবাৰে হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সভাপতিৰ আহ্বান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সহাৰি জনাই শনিবাৰে বাজপেয়ী ভৱনলৈ গৈ বিভিন্ন দলীয় কৰ্মীৰ সৈতে মতবিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।
শনিবাৰে হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সভাপতিৰ আহ্বান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সহাৰি জনাই শনিবাৰে বাজপেয়ী ভৱনলৈ গৈ বিভিন্ন দলীয় কৰ্মীৰ সৈতে মতবিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।
মূল্যবৃদ্ধিক লৈ চৰকাৰ চিন্তিত বুলি কোৱা ৰঞ্জিত কুমাৰ দাসে ৰাজ্যত শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস হ'ব বুলি কয়। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই শনিবাৰে পুৱাই হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্য্যলয়ত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। উল্লেখযোগ্য যে বিজেপিৰ মন্ত্ৰী সকলক মাহেকত এবাৰকৈ বাজপেয়ী ভৱনলৈ যাবলৈ পৰামৰ্শ দিছিল সভাপতি ভৱেশ কলিতাই। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ চৰকাৰ চিন্তিত বুলি কয় বিভাগীয় মন্ত্ৰী গৰাকীয়ে। এই মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ চেষ্টা অব্যাহত আছে বুলিও নিউজ ১৮ক জনাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বাজপেয়ী ভৱনলৈ গৈ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী গৰাকীয়ে ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হবলগীয়া পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলিও কয়। ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত এমজি এনৰেগা কেলেংকাৰীৰ তদন্ত পূৰ্ণগতিত চলি আছে বুলিও কয় বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|