• Home
  • »
  • News
  • »
  • assam
  • »
  • Minister Ranjit Kumar Das : হাইলাকান্দিত দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ, ৰাজ্যত হ'ব ১০ হাজাৰ নতুন পানী যোগান আঁচনি

Minister Ranjit Kumar Das : হাইলাকান্দিত দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ, ৰাজ্যত হ'ব ১০ হাজাৰ নতুন পানী যোগান আঁচনি

Minister Ranjit Kumar Das : হাইলাকান্দিত গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে তিনিখন পৃথক পৃথক পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী ৰণজিত কুমাৰ দাস ।

  • Share this:
জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHE)ৰ বিভিন্ন প্ৰকল্পত অস্থায়ীভাৱে বা স্বেচ্ছাসেৱক হিচাপে কাম কৰাসকলৰ বাবে সুখবৰ । চৰকাৰে মানৱীয় দৃষ্টিৰে চাই ব্যবস্থা গ্ৰহণ কৰিব এইসকলৰ বাবে ।  ৰাজ্যত আৰম্ভ হ'বলগিয়া নতুন ১০ হাজাৰ পানী যোগান আঁচনিত নিয়োগ হ'বলগীয়া স্বেচ্ছাসেৱকৰ দৰে মাননি লাভ কৰিব পুৰণী স্বেচ্ছাসেৱক সকলেও । যাৰ বাবে ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আজি হাইলাকান্দিত বিভাগীয় পৰ্যালোচনা সভাৰ শেষত এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে (Ranjit Kumaj Das) ।

তিনি দিনিয়া বৰাক উপত্যকা (barak Valley) ভ্ৰমণৰ দ্বিতীয় দিনা হাইলাকান্দি (Hailakandi)ত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। হাইলাকান্দিত উপস্থিত হৈ গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ,  জনস্বাস্থ্য আৰু কাৰিকৰি বিভাগৰ বিষয়াসকলৰ সৈতে তিনিখন পৃথক পৃথক পৰ্যালোচনা সভাত মিলিত হয় । পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে উপস্থিত থাকে জিলাৰ দুই বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ।

পিছত সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়াই মন্ত্ৰী দাসে কয় যে ৰাজ্যৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো দুৰ্নীতি (Corruption)ৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে জল জীৱন মিছনৰ জৰিয়তে হাইলাকান্দি জিলাত চলিত মাহত ৯ হাজাৰ গৃহ সংযোগ দিয়াৰ লক্ষ্য পূৰণ হৈছে । ইপিনে, অহা ৩১ মাৰ্চৰ ভিতৰত হাইলাকান্দি জিলাৰ চণ্ডিপুৰত নিৰ্মিয়মাণ মেগা প্ৰজেক্টৰ জৰিয়তে জিলাৰ ২১ হাজাৰ পৰিয়ালক পানী যোগান দিয়া হ'ব বুলি জনায় বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ।
Published by:Manjumoni Borah
First published: