• Home
  • »
  • News
  • »
  • assam
  • »
  • মন্ত্ৰী ৰঞ্জিত দত্তৰ তৎপৰতাত দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক বৰপীৰা

মন্ত্ৰী ৰঞ্জিত দত্তৰ তৎপৰতাত দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক বৰপীৰা

দূৰ্নীতিৰ বিৰুদ্ধে এয়া কেনে শূণ্য সহনশীলতা?

দূৰ্নীতিৰ বিৰুদ্ধে এয়া কেনে শূণ্য সহনশীলতা?

দূৰ্নীতিৰ বিৰুদ্ধে এয়া কেনে শূণ্য সহনশীলতা?

  • Share this:
    অসম আৰক্ষীৰ হোমগাৰ্ডৰ এগৰাকী কেলেংকাৰীত অভিযুক্ত বিষয়াক শেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ তৎপৰতাত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। তেজপুৰত কৰ্মৰত হৈ থকা অৱস্থাত এক কেলেংকাৰীত অভিযুক্ত হৈ বিগত ৬বছৰে নিলম্বিত হৈ আছিল দুৰ্গা প্ৰসাদ বৰদলৈ নামৰ বিষয়াজন।

    অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবে দিয়া এইচ এম বি ১৩৮/২০১৮/২৮ ই নিৰ্দেশৰ দ্বাৰা এই দায়িত্ব দিয়া হৈছে। এই গুৰুত্বপূৰ্ণ বিভাগলৈ বদলি হোৱা এই বিষয়াজন ২০১২ চনত দুৰ্নীতি নিবাৰক আইন ১৯৮৮ ৰ অধীনত নিলম্বিত হৈছিল। অভিযুক্ত বৰদলৈৰ বিৰুদ্ধে বিশেষ আদালতত ৪/২০১৫ নম্বৰত এটা গোচৰ চলি আছে।


    অভিযুক্ত বৰদলৈৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমানেও চলি থকা আৰু বৰ্তমানেও দোষী সাব্যস্ত নোহোৱাৰ বাবে যোৱা ১১ মাৰ্চ তাৰিখে তেওঁক এইচ এম বি ৪২/২০১২/৯৩৬ নিৰ্দেশমৰ্মে পুনৰ চাকৰিত যোগদান কৰিবলৈ দিয়া হয়। কিন্তু অতি আচৰিত ধৰণে মন্ত্ৰী ৰঞ্জিত দত্তই তেওঁৰ পৰিয়ালৰ সমস্যাৰ দোহাই দি তেওঁক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ এখন পত্ৰ লিখা কাৰ্যটো নুবুজা সাঁথৰ হৈ ৰ'ল!


    এই বিষয়াজনক দীঘলীয়া সময়ৰ পিছত যোৱা মাৰ্চ মাহত কৰ্তব্যত পুনৰ যোগদান কৰিবলৈ আনুষ্ঠানিক অনুমতি প্ৰদান কৰা হৈছিল। নিলম্বিত হোৱাৰ পূৰ্বে বিষয়াজন শিলচৰত কৰ্মৰত হৈ আছিল আৰু মাত্ৰ কেইটামান মাহৰ পিছতে বিষয়াজনক কেলেংকাৰীৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল।

    এই গোচৰ খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত বৰদলৈয়ে আবেদন জনাইছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আবেদন নামঞ্জুৰ কৰি গোচৰ চলি থাকিব বুলি ৰায়দান কৰে। তাৎপৰ্যপূৰ্ণ যে বৰদলৈ শোণিতপুৰত কৰ্মৰত হৈ থাকোতে প্ৰশিক্ষাৰ্থীক নিৰ্ধাৰিত মূল্যতকৈ কম ধন আদায় দি বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল। সেই অভিযোগমতেই পৱন হাজৰিকা নামৰ এজন লোকে তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২০১১ চনত এটা গোচৰ তৰিছিল।


    পৰৱৰ্তী সময়ত বিভাগীয় তদন্ত ঘোষণা কৰাৰ লগতে তেওঁক কৰ্তব্যৰ পৰা নিলম্বন কৰাৰ লগতে শাস্তিমূলক ব্যৱস্থাৰূপে তেওঁৰ তিনিটাকৈ ইনক্ৰিমেণ্ট বিভাগে ৰখাই দিছিল।

    ৰাজ্যপালে তিনিটা ইনক্ৰিমেণ্ট ৰখাইছিল বৰদলৈৰ।


    এই কেলেংকাৰীৰ গোচৰ এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে আৰু যিকোনো মুহূৰ্তত বিষয়াজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰো আশংকা কৰা হৈছে।

    যোৱা তিনি জুলাইত মন্ত্ৰী ৰঞ্জিত দত্তই অভিযুক্ত বিষয়াজনৰ হৈ গৃহ বিভাগলৈ পত্ৰ লিখে।


    এনেকুৱা এজন দাগী বিষয়াই বিভাগৰ পৰা দীঘলীয়া শাস্তিৰ সন্মুখীন হৈ কামত যোগদান কৰাৰ লগে লগে কি কাৰণে মন্ত্ৰী ৰঞ্জিত দত্তই নিজৰ আসনৰ ক্ষমতাৰ দুৰ্বব্যৱহাৰ কৰি গৃহ বিভাগলৈ পত্ৰ লিখিলে সেয়া ৰহস্যৰ আৱৰ্তত।

    দূৰ্গা প্ৰসাদ বৰদলৈ


    পাৰিবাৰিক সমস্যাৰ দোহাই দি গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰি অনা বিষয়াজনক নামনি অসমৰ ডিভিজনেল কামাণ্ডেণ্টৰ লগতে অতিৰিক্তকৈ কামৰূপৰ ডিষ্ট্ৰিক্ট কামাণ্ডেণ্টৰো দায়িত্ব অৰ্পণ কৰা হৈছে।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া অনুগ্ৰহ কৰি মন কৰিব!দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ মন্ত্ৰ আওৰোৱা ৰাজ্য চৰকাৰে কেলেংকাৰীত অভিযুক্ত এজন আৰক্ষীক যেন উপহাৰহে প্ৰদান কৰিলে। ইয়াৰ কৃতিত্ব মন্ত্ৰী ৰঞ্জিত দত্তৰ!
    First published: