உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Price Rise : 'অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি'। ৰণজিত দাসৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া৷ 

    Price Rise : 'অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি'। ৰণজিত দাসৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া৷ 

    অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি ৷বঙাইগাঁৱত ক’লে ৰণজিত কুমাৰ দাসে ৷

    অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি ৷বঙাইগাঁৱত ক’লে ৰণজিত কুমাৰ দাসে ৷

    অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি ৷বঙাইগাঁৱত ক’লে ৰণজিত কুমাৰ দাসে ৷

    • Share this:
    'অসমতে নহয় সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি', এই মন্তব্য খাদ্য আৰু যোগান মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ ৷ বঙাইগাঁৱত ক’ভিডত স্বামীহাৰা হোৱা মহিলাসকলৰ মাজত চেক বিতৰণ কৰি ৰাজ্যত শেহতীয়া মূল্যবৃদ্ধি প্ৰসংগত মন্ত্ৰীজনে এই মন্তব্য কৰে ৷

    দেশৰ বাকী ৰাজ্যৰ তুলনাত অসমত সামগ্ৰীৰ মূল্য কম যদিও অসমত উৎপাদন নোহোৱা আৰু পৰিবহণ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান সামগ্ৰীৰ মূল্যৰ তাৰাতম্য হোৱা বুলি তেঁও জানিব দিয়ে ৷  আনহাতে দেশৰ সকলো প্ৰান্ততে মূল্যবৃদ্ধি হোৱাৰ ফলত অসমতো এই মূল্যবৃদ্ধিৰ সামঞ্জস্য থকা বুলি যোগান মন্ত্ৰীজনে জানিব দিয়ে ৷

    ইফালে , আগন্তক ৰাজ্যৰ উপ নিৰ্বাচনৰ পূৰ্ৱে বিপিএফ আৰু  বিজেপিৰ মাজত মিত্ৰতাক লৈ চৰ্চা চলি থকা প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীজনে ৷ মিত্ৰজোটৰ অংশিদাৰ ইউপিপিএল দলে বিচাৰিলেহে  বিপিএফৰে মিত্ৰতা সম্ভৱপৰ হ’ব বুলি প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰে ৷ উল্লেখ্যযে বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীজনে ক’ভিডত স্বামীহাৰা হোৱা ২৭ গৰাকী মহিলাৰ মাজত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে ৷
    Published by:Manjumoni Borah
    First published: