বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভাত ভাগ ল'লে ৰণজিৎ কুমাৰ দাস, ড০ ননীগোপাল মহন্ত, গুণীন্দ্ৰ নাথ দাস, বিশ্বজিৎ দাসে৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত সত্ৰৰ সন্মুখত অনুষ্ঠিত সোঁৱৰণী সভাত অংশ লৈ ড০ ননীগোপাল মহন্তই মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱক বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচক বুলি অভিহিত কৰে ৷
মাধৱদেৱ মহাপুৰুষজনাই যেতিয়া চোৰধৰা ঝুমুৰা, পিম্পৰা গুচোৱা আদি নাট ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা কৰা হোৱা নাছিল বুলি উল্লেখ কৰে ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাধৱদেৱৰ জীৱন আৰু তেওঁৰ অনবদ্য অৱদানৰ বিষয়ে আলোকপাত কৰি ড০ ননীগোপাল মহন্তই এই মন্তব্য কৰে ৷
সোঁৱৰণী সভাখন উদ্বোধন কৰি বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে মাধৱদেৱ গুৰুৰ জন্মদিন বা তিৰোভাৱ তিথিৰ দিনটো ৰাজ্য চৰকাৰক কেন্দ্ৰীয়ভাৱে আয়োজনৰ বাবে জনোৱা অনুৰোধ সন্দৰ্ভত ড০ ননীগোপাল মহন্তই মুখ্যমন্ত্ৰীক এই কথা অৱগত কৰিব বুলিও উল্লেখ কৰে ৷
ইপিনে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে নিশা বৰপেটা সত্ৰৰ কীৰ্তনঘৰত খোল প্ৰসংগত সত্ৰৰ গায়ন–বায়নে অংশ লয় ৷ উল্লেখ্য যে বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাব তিথি উপলক্ষে কীৰ্তন ঘৰৰ ভিতৰত থকা গুৰু আসনৰ সন্মুখত সত্ৰৰ বংসৰাসকলে গীতৰ পালা অনুষ্ঠিত কৰে। গীতৰ পালাত গায়ন–বায়নে মাধৱদেৱ ৰচিত অংকীয়া নাটৰ গীতসমূহ পৰিৱেশনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।
Published by: Gautam Barman
FIRST PUBLISHED : September 14, 2022, 22:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|