পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩ হাজাৰ ২৮৭টা পদত শীঘ্ৰে নিযুক্তি দিয়া হ'ব বুলি ঘোষণা।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩ হাজাৰ ২৮৭টা পদত শীঘ্ৰে নিযুক্তি দিয়া হ'ব বুলি ঘোষণা।
ৰেচন কাৰ্ড বিহীন দুখীয়া লোক সকলক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিক ভাৱে স্বচ্ছল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰ কৰিবলৈ বিনম্ৰ আহ্বান মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ।
"যিসকল লোক আৰ্থিক ভাৱে স্বচ্ছল অৰ্থাৎ যাৰ বছৰেকীয়া আয় ১ লাখতকৈ অধিক বা যাৰ চৰকাৰী চাকৰি আছে বা যিসকল পেঞ্চনাৰ তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয় বুলি মই ভাবোঁ। সেয়েহে মই বিনম্ৰতাৰে আৰ্থিক ভাৱে স্বচ্ছল প্ৰতিজন লোককে ৰেচন কাৰ্ড সমূহ স্ব-ইচ্ছাৰে পৰিহাৰ কৰি দুখীয়া ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছোঁ।"
সকলোকে এই অভিযানৰ সহযোগী হৈ ৰেচন কাৰ্ড বঞ্চিত দুখীয়া সকলক সহায় কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়া নীতিক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে একত্ৰে আগবাঢ়িবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।
আজি এক সংবাদমেলত এই আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। ছচিয়েল মিডিয়াতো মন্ত্ৰীগৰাকীয়ে কৰিছে আহ্বান।
মন্ত্ৰী দাসে কয় যে একাংশ লোকে বিভিন্ন কাৰণত ৰেচন কাৰ্ড লৈ থৈছে, কিন্তু তেওঁলোকে কাৰ্ডৰ চাউল আদি নাই লোৱা। এনে কৰাৰ ফলত বহু দৰিদ্ৰ লোক বঞ্চিত হৈছে আৰু সুলভ মূল্যৰ দোকানীসকলৰ লাভ হোৱা বুলি অভিযোগ কৰে ৰণজিত কুমাৰ দাসে।
আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩ হাজাৰ ২৮৭টা পদত নিযুক্তি দিবলৈ আছে। চৰকাৰে দিব লগীয়া ১ লাখ নিযুক্তিৰ ভিতৰত এই পদ সমূহ শীঘ্ৰে পূৰণ কৰা হ'ব বুলিও কয় মন্ত্ৰী দাসে। এই নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ভাৱে হ'ব বুলি মন্ত্ৰী দাসে ঘোষণা কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|