মুখ্যপৃষ্ঠা »খবৰ »অসম »Ranjeet Kumar Das | বজালী হালধীয়া হৈছে.... হালধীয়াৰ দলিচাৰ মাজত মন্ত্ৰী ৰণজিৎ দাসৰ প'জ

Ranjeet Kumar Das | বজালী হালধীয়া হৈছে.... হালধীয়াৰ দলিচাৰ মাজত মন্ত্ৰী ৰণজিৎ দাসৰ প'জ

এইহেন বতৰত হালধীয়াৰ দলিচাই সকলোকে যেন পথাৰলৈ মাতে আকুলতাৰে৷ মন পুলকিত কৰা পথাৰৰ আহ্বানক কোনোবাই জানো নেওচা দিব পাৰে?

এইহেন বতৰত হালধীয়াৰ দলিচাই সকলোকে যেন পথাৰলৈ মাতে আকুলতাৰে৷ মন পুলকিত কৰা পথাৰৰ আহ্বানক কোনোবাই জানো নেওচা দিব পাৰে?

এইহেন বতৰত হালধীয়াৰ দলিচাই সকলোকে যেন পথাৰলৈ মাতে আকুলতাৰে৷ মন পুলকিত কৰা পথাৰৰ আহ্বানক কোনোবাই জানো নেওচা দিব পাৰে?

  • Share this:
বতৰ এতিয়া সৰিয়হ ফুলাৰ৷ এইহেন বতৰত হালধীয়াৰ দলিচাই সকলোকে যেন পথাৰলৈ মাতে আকুলতাৰে৷ মন পুলকিত কৰা পথাৰৰ আহ্বানক কোনোবাই জানো নেওচা দিব পাৰে? নোৱাৰে৷ অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও নোৱাৰিলে (Ranjeet Kumar Das)৷

বজালীত সৰিয়হৰ হালধীয়াৰ হাঁহিৰ মাজত ফটোত প'জ দিলে কেবিনেট মন্ত্ৰীগৰাকীয়ে৷ ফটোত কেপশ্যন দিলে 'বজালী হালধীয়া হৈছে...'৷ মন্ত্ৰীগৰাকীয়ে এই ফেচবুক পোষ্টটোত টেগ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাক৷

মন্ত্ৰী গৰাকীয়ে লিখিছে এইদৰে,  "বজালী হালধীয়া হৈছে... আজি কেইমাহমান আগতে অসম চৰকাৰৰ কৃষি বিভাগে যথেষ্ট সংখ্যক সৰিয়হৰ বীজ বিনামূলীয়াকৈ যোগান ধৰিছিল৷ বজালীত চৰকাৰী চাকৰিয়াল বা ব্যৱসায় কৰা ব্যক্তি আছে যদিও অধিকাংশ লোকেই কৃষিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷ পাটাছাৰকুছি সমষ্টিৰ অধিকাংশ অঞ্চলতেই বান্দৰৰ উপদ্ৰৱ বেছি হোৱাৰ হেতু কবি, লাউ, জিকা, ভোল আদিৰ দৰে পাচলিৰ খেতি কৰিব নোৱাৰে৷ সেয়েহে, বজালীৰ লগতে আমাৰ পাটাছাৰকুছিৰ ৰাইজে এইবাৰ সৰিয়হৰ খেতি কৰি সমগ্ৰ বজালী অঞ্চল হালধীয়া কৰি তুলিছে৷ বহু পথাৰত এতিয়া সৰিয়হৰ ফচল সুন্দৰকৈ গজি উঠিছে৷ এই সফলতাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় কৃষিমন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ লগতে বজালী অঞ্চলৰ কৃষক ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷’’

মন্ত্ৰীগৰাকীয়ে এই আপডেটটোৰ যোগেদি আন এক দিশৰ ওপৰতো আলোকপাত কৰিছে৷ সেয়া হৈছে বান্দৰৰ উপদ্ৰৱ৷ কপীকুলৰ বাবে বজালী অঞ্চলত আন খেতি যেনে জিকা,ভোল আদি ৰাইজে কৰিব নোৱাৰা হৈছে বুলি কৈছে মন্ত্ৰী দাসে৷ মন্ত্ৰীগৰাকীয়ে বিনামূলীয়া সৰিয়হৰ বীজ কৃষি বিভাগটোৱে যোগান ধৰাৰ বাবে এই খেতি সম্ভৱ হোৱা বুলি উল্লেখ কৰি এই সুযোগতে মুখ্যন্ত্ৰী,কৃষি মন্ত্ৰীক কৃতজ্ঞতা জনাইছে৷

শেহতীয়া বাতৰি