নলবাৰী, ২৩ মে': নলবাৰী জিলাৰ বিজেপিৰ টিহু মণ্ডল সমিতিৰ উদ্যোগত আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সহযোগত অসম চৰকাৰৰ বিভিন্ন বিভাগত সদ্য ঘোষিত ফলাফল অনুসৰি নিযুক্তিৰ বাবে বাচনিপ্ৰাপ্ত টিহু অঞ্চলৰ ১৬১ গৰাকী প্ৰাৰ্থীক আজি টিহু মহাবিদ্যালয় প্ৰেক্ষাগৃহত অভিনন্দন জনোৱা হয় । এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে কয় যে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈ নিবলৈ হ’লে দেশত বৈষম্য নোহোৱা কৰিব লাগিব ।
নিযুক্তিৰ ক্ষেত্ৰত এতিয়া আৰু আৰ্থিক দৈন্য অন্তৰায় হ'ব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী দাসে লগতে কয় যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত ইতিমধ্যে নিকা আৰু স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । মন্ত্ৰীগৰাকীয়ে নিৰ্বাচিত প্ৰাৰ্থী সকলক নিষ্ঠা, সততা সহকাৰে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে নিজৰ পিতৃ মাতৃক অৱহেলা নকৰিবলৈ মুকলি আহ্বান জনায় ।
বিজেপিৰ টিহু মণ্ডল সমিতিৰ সভাপতি জ্যোতিষ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ভাষণ আগবঢ়াই অসম চৰকাৰে নিকা আৰু স্বচ্ছতাৰে আৰম্ভ কৰা নিযুক্তি প্ৰক্ৰিয়াক আদৰণি জনায় ।টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ তালুকদাৰ আদিয়ে শুভেচ্ছামুলক বক্তব্য আগবঢ়োৱা সভাখনত টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, উপ-পৌৰপতি ড° সুৰজিৎ বৰ্মন, নলবাৰী জিলা পৰিষদৰ উপ-সভানেত্ৰী মঞ্জুৰাণী চৌধুৰী, বজালী বিধান পৰিষদৰ অধ্যক্ষ জিন্টু চৌধুৰী, বিজেপি যুৱ মৰ্চাৰ নেতা বিদ্যুৎ বিকাশ বৈশ্য, বিশিষ্ট সমাজকৰ্মী শংকৰ কুমাৰ দাস আদি উপস্থিত থাকে ।
সভাত নিযুক্তিৰ বাবে বাচনিকৃত প্ৰাৰ্থী সকলক ফুলাম গামোচা আৰু একোটিকৈ গছপুলি প্ৰদান কৰি চাকৰিত যোগদানৰ দিনাই ৰোপণ কৰিবলৈ মন্ত্ৰী দাসে আহ্বান জনায় ।
Published by: Gautam Barman
FIRST PUBLISHED : May 23, 2023, 21:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।