দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শৰাই আগবঢ়ায় ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিত কুমাৰ দাসে৷ আজি পুৱা বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আৰু দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰত উপস্থিতত হয় আৰু প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য কামনাৰে প্ৰাৰ্থনা জনায়৷
সত্ৰত আশিস গ্ৰহণৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনতাৰ বাবে চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ কথা উল্লেখ কৰি দেশৰ প্ৰতিটো পৰিয়ালক এটা আৱাসগৃহৰ পৰিৱৰ্তে এখন সম্পূৰ্ণ ঘৰ দিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷
নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতহে দেশৰ জনতাই স্বাধীনতাৰ অমৃত মন্থন কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে দাসে৷ জল জীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো অচিৰেই ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে৷
মন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছতে বৰপেটা চহৰৰ তিনিটা কোভিড টিকাকৰণ কেন্দ্ৰত উপস্থিত হৈ ভেকচিন প্ৰদান কাৰ্যসূচীৰ তদাৰক কৰে৷ উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি বৰপেটাত প্ৰায় ৪০ হাজাৰ ভেকচিন প্ৰদান কৰিব৷
বৰপেটাৰ পিছতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাঁও আৰু ধুবুৰী জিলাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কোভিড ভেকচিনেচন প্ৰক্ৰিয়াৰ তদাৰক কৰিব৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|