ইপিনে মহিলাসকলৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷ ৰাজ্যৰ ৩ লাখ আত্মসহায়ক গোটৰ সৈতে জড়িত ৩০ লাখ মহিলাই প্ৰতিবছৰে ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লে এই গোটসমূহৰ সৈতে জড়িত মহিলাসকলৰ দ্বাৰাই ৰাজ্যখনত ৩০ হাজাৰ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
মহিলাসকলৰ জৰিয়তে এক সবল অৰ্থনীতি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা চলাই থকা বুলিও মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনোৱা মতে, আত্মসহায়ক গোটৰ জৰিয়তে বৰ্তমান বছৰি ৪০ হাজাৰ টকা উপাৰ্জন কৰি আছে ৰাজ্যৰ মহিলাসকলে ৷ এই সংখ্যা ১ লাখলৈ বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ৷
ইয়াৰ লগে লগে একৰ পৰা পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ব অসমে ৷ ইপিনে কৃষকৰ ধান ক্ৰয়ৰ ক্ষেত্ৰতো মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ ৰাজ্যখনৰ সকলো জিলাৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্য লৈছে চৰকাৰে ৷ কৃষকসকলক বেপাৰীৰ পৰা আগতীয়া ধন লৈ ধান বিক্ৰী কৰাৰ পৰিৱৰ্তে চৰকাৰৰ ওচৰত ১৯৪০ টকা দৰত ধান বিক্ৰী কৰিবলৈ কৃষকলৈ আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এতিয়ালৈকে ৰাজ্যত ২ লাখ মেট্ৰিকটন ধানহে ক্ৰয় কৰিছে ৰাজ্য চৰকাৰে ৷
ইপিনে মাৰ্চ মাহৰ প্ৰথম পষেকতে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষে মত ব্যক্ত কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বিজেপি দল নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু আছে ৷ বিজেপি দল ৰাইজৰ হৃদয়ত থকাৰ বিপৰীতে আন দলবোৰ ৰাইজৰ পদূলিতহে আছে ৷ সেয়ে আগন্তুক পৌৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁতে ১০০ শতাংশ পৌৰ সভাৰ আসন দখল কৰিব বুলি দাবী কৰে ৰণজিৎ কুমাৰ দাসে ৷