• Home
  • »
  • News
  • »
  • assam
  • »
  • বজালীত 'ধান কটা সাউৰি দিয়া' পৰ্বত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বজালীত 'ধান কটা সাউৰি দিয়া' পৰ্বত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

অনুষ্ঠানত মন্ত্ৰী দাসে বজালী অঞ্চলৰ কোচ ৰাজবংশীসকলে পূৰ্বৰ পৰম্পৰা, ৰীতি–নীতি ৰক্ষা কৰি পালন কৰি অহা এই ধান কটা সাউৰি দিয়া পৰ্বৰ তাৎপৰ্য আৰু গুৰুত্বৰ কথা বাখ্যা কৰে।

  • Share this:
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ ৰায়পুৰ ভাগৱতী পাৰা, বামুণকুছি (নপাৰা)ত বজালী জিলা কোচ ৰাজবংশী সংগ্ৰামী মঞ্চ, সদৌ বজালী জিলা ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলন বজালী জিলা সমিতিৰ উদ্যোগত আয়োজিত অসমৰ অতি পুৰণি পৰম্পৰা ধান কটা সাউৰি দিয়া পৰ্ব আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানত মন্ত্ৰী দাসে বজালী অঞ্চলৰ কোচ ৰাজবংশীসকলে পূৰ্বৰ পৰম্পৰা, ৰীতি–নীতি ৰক্ষা কৰি পালন কৰি অহা এই ধান কটা সাউৰি দিয়া পৰ্বৰ তাৎপৰ্য আৰু গুৰুত্বৰ কথা বাখ্যা কৰে। তেওঁ লগতে কয় যে, আমাৰ ঐতিহ্য আৰু পৰম্পৰা আমি সততে ৰক্ষা কৰিব লাগিব আৰু নতুন প্ৰজন্মক সমাজৰ এই চহকী ঐতিহ্য পৰম্পৰাৰ বিষয়ে জ্ঞান দিব লাগিব। মন্ত্ৰী দাসে গ্ৰামাঞ্চলৰ কৃষক সমাজক কৃষি কাৰ্যত অধিক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায় কয় যে, খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰিলেহে গ্ৰামাঞ্চলৰ লগতে ৰাজ্যখনো খাদ্য শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব। তেওঁ লগতে কয় যে, অসমৰ বিকাশ তথা সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কৃষি আৰু ইয়াৰ সহযোগী খণ্ডৰ উন্নয়নত সকলোৱে গুৰুত্ব দিব লাগে। অনুষ্ঠানত জিলা উপায়ুক্তকে ধৰি  আয়োজন অনুষ্ঠানৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ৷
Published by:Sanjay Kumar Das
First published: