মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ষড়যন্ত্ৰৰ বলি হৈছে নেকি মন্ত্ৰী ৰণজিত দাস! ফেচবুক পোষ্টযোগে দাসে ক’লে – আপোচ কৰা নহ’ব

ষড়যন্ত্ৰৰ বলি হৈছে নেকি মন্ত্ৰী ৰণজিত দাস! ফেচবুক পোষ্টযোগে দাসে ক’লে – আপোচ কৰা নহ’ব

News18 Assam | News18-Assam
Updated:July 1, 2021, 5:37 PM IST
ষড়যন্ত্ৰৰ বলি হৈছে নেকি মন্ত্ৰী ৰণজিত দাস! ফেচবুক পোষ্টযোগে দাসে ক’লে – আপোচ কৰা নহ’ব
কাক উদ্দেশ্য কৰি সামাজিক মাধ্যমত সাৱধান বাণী ৰণজিত দাসৰ? 

কাক উদ্দেশ্য কৰি সামাজিক মাধ্যমত সাৱধান বাণী ৰণজিত দাসৰ? 

  • Share this:
"যিমান ষড়যন্ত্ৰ কৰিলেও দুৰ্নীতিৰ বিৰুদ্ধে কোনোধৰণৰ আপোচ কৰা নহ'ব৷ দোষী সাব্যস্ত হ'লে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা৷"— এইদৰেই বৃহস্পতিবাৰে পুৱাই সামাজিক মাধ্যমত আপডেট দিলে মন্ত্ৰী ৰণজিত কুমাৰ দাসে৷

ৰণজিত কুমাৰ দাসে লগতে লিখিছে,"যোৱা দুদিনত মই সামাজিক মাধ্যমযোগে পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হোৱা পথসমূহত হোৱা দুৰ্নীতি আৰু পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হোৱা হিতাধিকাৰী নিৰ্বাচন আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বৰ বাবে ৰাইজৰ সহায়-সহযোগিতা বিচাৰি পোষ্ট দিছিলোঁ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে কমেণ্ট আৰু মেছেজৰ যোগেদি বহুখিনি তথ্য দিছে৷ মোৰ ফেচবুক পোষ্টত দিয়া প্ৰতিটো কমেণ্ট আৰু হোৱাটচএপত অহা প্ৰতিটো মেছেজ মই নিজেই নিৰীক্ষণ কৰি আছোঁ৷ আপোনালোকক অৱগত কৰিব বিচাৰিছো যে মই দিয়া দুয়োটা ফেচবুক পোষ্টৰ বাবে পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত সকলৰ মূৰৰ কামোৰণি আৰম্ভ হৈছে৷ বহু লোকে ইতিমধ্যেই মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিতং তথ্য মই লাভ কৰিছোঁ৷ বহুকেইটা অডিঅ' ক্লিপ মোৰ হাতত মজুত আছে৷ দুৰ্নীতিৰ লগত মই কোনোধৰণৰ আপোচ নকৰোঁ৷ উপযুক্ত প্ৰমাণ পালে দোষীয়ে পাব উচিত শাস্তি৷ শ্ৰদ্ধাৰ ৰাইজক মই আশ্বাস দিছো অতি শীঘ্ৰেই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম৷ এইক্ষেত্ৰত আপোনালোকৰ সহায়-সহযোগিতা একান্তই কামনা কৰিছোঁ৷"



পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হোৱা হিতাধিকাৰী নিৰ্বাচন আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি কৰাসকলে নিশ্চিত ৰূপত শাস্তিৰ সন্মুখীন হ'ব যদিহে ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।
Published by: Sanjay Kumar Das
First published: July 1, 2021, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি