உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত চেক বিতৰণ

    বৰপেটাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত চেক বিতৰণ

    ৩১ জুলাইৰ পিছত বিভাগীয়ভাৱে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

    ৩১ জুলাইৰ পিছত বিভাগীয়ভাৱে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

    ৩১ জুলাইৰ পিছত বিভাগীয়ভাৱে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

    • Share this:

    বৰপেটাত পঞ্চায়ত গ্ৰামোন্নয়ন আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ বৰপেটাত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত ক'ভিডত মৃত্যু হোৱা জিলাখনৰ ১০৫ গৰাকী লোকৰ ভিতৰত ৩২গৰাকী বিধৱাক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আঢ়ৈ লাখকৈ টকাৰ চেক প্ৰদান কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চেকসমূহ প্ৰদান কৰে ৷


    ইপিনে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ মহিলাই কান্দোনত ভাঙি পৰে যদিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তক আদৰণি জনাই চৰকাৰৰ ভূমিকাৰ শলাগ লয় ৷ আনহাতে মন্ত্ৰী দাসে কালি দাখিল কৰা বাজেটে মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীৰ সন্মান বচোৱা বুলি আৰু বাজেটখনক লৈ তেওঁ আটাইতকৈ সুখী বুলিও প্ৰকাশ কৰে ৷  আনহাতে বাজেটত বৰপেটাৰ বাবে বিশেষ কোনো উল্লেখ নাথাকিলেও তেৱেঁই বৰপেটাৰ উন্নয়নৰ বাবে কাম কৰিব আৰু সেই ক্ষেত্ৰত নিশ্চিন্ত থাকিবলৈ বৰপেটাবাসীক আহ্বান জনায়।


    আনহাতে ৩১ জুলাইৰ পিছত বিভাগীয়ভাৱে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ ৫ লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে সদ্যহতে ১ লাখ ১০ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব পৰা অৱস্থাত থকা বুলিও মন্তব্য কৰে ৷ একেদৰে ৬ লাখ ৫০ হাজাৰ হিতাধিকাৰীক  নতুনকৈ অৰুণোদয় প্ৰদান কৰা, ১ লাখ নিবনুৱাক চাকৰি, মাইক্ৰ'ফাইনেঞ্চৰ জৰিয়তে লোৱা ঋণ মাফ আদি বিষয় সন্নিৱিষ্ট কৰাৰ বাবে বাজেটৰ প্ৰশংসা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷

    Published by:Gautam Barman
    First published: