• Home
  • »
  • News
  • »
  • assam
  • »
  • হৰ্ছ ট্ৰেডিঙক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰমীলাৰাণী ব্ৰহ্মৰ, ক’লে – আমাক আবদ্ধ কৰি ৰখা নাই

হৰ্ছ ট্ৰেডিঙক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰমীলাৰাণী ব্ৰহ্মৰ, ক’লে – আমাক আবদ্ধ কৰি ৰখা নাই

বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ  ভিতৰত বিপিএফ দলে এঘাৰটা লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে ব্ৰহ্মই৷

বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ  ভিতৰত বিপিএফ দলে এঘাৰটা লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে ব্ৰহ্মই৷

বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ  ভিতৰত বিপিএফ দলে এঘাৰটা লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে ব্ৰহ্মই৷

  • Share this:
বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। বিপিএফৰ ৩০নং কোকৰাঝাৰ পূব জনজাতি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

আজি কোকৰাঝাৰ চহৰস্থিত নিজ বাসভৱনত ব্ৰহ্মই কয় যে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ প্ৰাৰ্থী অথবা বিধায়কসকলক হৰ্ছ ট্ৰেডিঙৰ বাবে কোকৰাঝাৰলৈ তলব কৰা নাই৷ সাধাৰণতে নিৰ্বাচনৰ পিছত কিছু হিচাপ-নিকাচৰ বাবে মিলিত হোৱাটো সাধাৰণ কথা৷ কিন্তু হৰ্ছ ট্ৰেডিঙৰ বিষয়টো মোৰ অৱগত নহয় বুলিও কয় ব্ৰহ্মই৷

ইফালে, মাজবাটৰ বিপিএফৰ বিধায়ক তথা প্ৰাৰ্থী চৰণ বড়ো আৰু বিজনীৰ কমলছিং নাৰ্জাৰী কোকৰাঝাৰৰ গৌৰাং হোটেলত অহাটো হয় বুলি মন্তব্য কৰি ব্ৰহ্মই কয়, যিসকল ডেকা প্ৰাৰ্থী সেইসকলে নিৰ্বাচন শেষ হোৱাৰ পিছত ফ্ৰেছ হ’বৰ বাবে বাহিৰলৈ যাবৰ বাবে প্ৰস্তুতি চলাব পাৰে৷ বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিৰ  ভিতৰত বিপিএফ দলে এঘাৰটা লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে ব্ৰহ্মই৷ তামুলপুৰ স্পষ্ট নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

এইবাৰৰ নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে বুলি মন্তব্য কৰি ব্ৰহ্মই কয় যে ৰাজ্যত চৰকাৰ মহাজোঁটৰেই গঠন হ’ব। মুখ্যমন্ত্ৰীৰ পদ দিলে ল’বলৈ সাজু বুলিও কয় প্ৰমীলা ৰাণী ব্ৰহ্মই৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি