নৱ শৰণীয়া নিজেই এজন উগ্ৰপন্থী, তেওঁ কিয় পত্ৰ লিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ? – প্ৰমীলাৰাণী

হাগ্ৰামাৰ হৈ ওকালতি কৰি অসম আৰক্ষীক প্ৰশ্ন মন্ত্ৰী প্ৰমীলাৰ - পলাতক উগ্ৰপন্থী কেনেকৈ আহিল বৈঠকলৈ?

News18-Assam
Updated:September 3, 2019, 5:49 PM IST
নৱ শৰণীয়া নিজেই এজন উগ্ৰপন্থী, তেওঁ কিয় পত্ৰ লিখে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ? – প্ৰমীলাৰাণী
হাগ্ৰামাৰ হৈ ওকালতি কৰি অসম আৰক্ষীক প্ৰশ্ন মন্ত্ৰী প্ৰমীলাৰ - পলাতক উগ্ৰপন্থী কেনেকৈ আহিল বৈঠকলৈ?
News18-Assam
Updated: September 3, 2019, 5:49 PM IST
বিজু কুমাৰ ডেকা : ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড তথা CBI–এ ৰেড কৰ্ণাৰ নটিচ জাৰি কৰি থোৱা ম'ষ্ট ৱাণ্টেড উগ্ৰপন্থী ডিন্থিলাঙৰে গোপনে বৈঠকত মিলিত হৈ এতিয়া বিপাঙত পৰিছে BTADৰ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ এই স্পৰ্শকাতৰ বিষয়টো NEWS18–এ ফাদিল কৰাৰ পিছতে সাংসদ নৱ কুমাৰ শৰণীয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ লিখি বিচাৰিছিল তদন্ত৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ লিখাৰ বাবে এতিয়া জ্যেষ্ঠ BPF নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাংসদ শৰণীয়াক৷

২৪ আগষ্টত কোকৰাঝাৰৰ আৰনাই হোটেলত অনুষ্ঠিত হোৱা বৈঠকখনেই এতিয়া বিপাঙত পেলাইছে BTADৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক৷ ২০০৮ৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰীক লগত লৈ ২৪ আগষ্টত বৈঠকত বহিছিল হাগ্ৰামা৷ CBI–এ ৰেড কৰ্ণাৰ নটিচ জাৰি কৰি থোৱা NDFBৰ পলাতক মুখ্য সেনাধ্যক্ষ ডিন্থিলাঙক লগত লৈ হাগ্ৰামাই বৈঠকত বহাৰ কথা NEWS18–এ ফাদিল কৰিছিল ২৫ আগষ্টত৷ ইয়াৰ পিছতেই আৰম্ভ হৈছিল তীব্ৰ চাঞ্চল্যৰ৷

সোমবাৰে এই বিষয়টোক লৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইখন চিঠি লিখিলে কোকোৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ সাংসদ শৰণীয়াৰ প্ৰশ্ন - পলাতক উগ্ৰপন্থীৰে কিয় বৈঠকত বহিছিল হাগ্ৰামা মহিলাৰী?

এই প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ বিপিএফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷ মন্ত্ৰী প্ৰমীলাৰ দাবী - বৈঠকলৈ সংগঠন হিচাপে আহিছিল NDFB(P)ৰ এটা গোট৷ সেয়ে গোটটোৰ লগত অহা পলাতক উগ্ৰপন্থীক চিনি পোৱা নাছিল হেনো হাগ্ৰামাই৷ সেয়ে প্ৰমীলাৰাণী ব্ৰহ্মৰ মতে দোষ নাই হাগ্ৰামাৰ৷

হাগ্ৰামাৰ হৈ ওকালতি কৰি অসম আৰক্ষীক প্ৰশ্ন মন্ত্ৰী প্ৰমীলাৰ - পলাতক উগ্ৰপন্থী কেনেকৈ আহিল বৈঠকলৈ? পলাতক উগ্ৰপন্থী ডিন্থিলাঙক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাই মন্ত্ৰী প্ৰমীলাই ক্ষোভ উজাৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে৷ “সাংসদ শৰণীয়া নিজেই এজন উগ্ৰপন্থী৷ এতিয়ালৈ আত্মসমৰ্পণ নকৰা উগ্ৰপন্থী শৰণীয়াই কি যুক্তিত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ লিখিব পত্ৰ?”

নৱ কুমাৰ শৰণীয়াক আত্মসমৰ্পণ নকৰা উগ্ৰপন্থী বুলি মন্ত্ৰী প্ৰমীলাই সমালোচনা কৰি ক'লে- “তেওঁ অস্ত্ৰসম্বৰণ কৰা নাই৷ কিন্তু নিৰ্বাচন খেলি সাংসদ হ'ল নৱ কুমাৰ শৰণীয়া৷ সেয়ে, শৰণীয়াৰ সাংসদ পদ অবৈধ৷”

ইপিনে সাংসদ শৰণীয়াৰ পৰা লিখিত অভিযোগ পোৱাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চিবিআই আৰু অসম আৰক্ষীক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিবলৈ ফাইল প্ৰস্তুত কৰিছে বুলি মন্ত্ৰালয়ৰ এক সূত্ৰত প্ৰকাশ৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি