বড়োলেণ্ডত গোষ্ঠীগত সংঘাত সৃষ্টি কৰিব বিচাৰিছে সাংসদ নৱ শৰণীয়াই, মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ অভিযোগ

সাংসদ শৰণীয়াক সমালোচনা কৰি মন্ত্ৰী প্ৰমীলাই ক'লে, “বিটিএডিত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে পোনপটীয়াকৈ জগৰীয়া হ'ব সাংসদ নৱ কুমাৰ শৰণীয়া৷”

News18-Assam
Updated:August 29, 2019, 3:51 PM IST
বড়োলেণ্ডত গোষ্ঠীগত সংঘাত সৃষ্টি কৰিব বিচাৰিছে সাংসদ নৱ শৰণীয়াই, মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ অভিযোগ
সাংসদ শৰণীয়াক সমালোচনা কৰি মন্ত্ৰী প্ৰমীলাই ক'লে, “বিটিএডিত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে পোনপটীয়াকৈ জগৰীয়া হ'ব সাংসদ নৱ কুমাৰ শৰণীয়া৷”
News18-Assam
Updated: August 29, 2019, 3:51 PM IST
বিজু কুমাৰ ডেকা : বড়োভূমিত বিভাজনৰ সূচনা কৰি গোষ্ঠীগত সংঘাত সৃষ্টি কৰিব বিচাৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই৷ এই গুৰুতৰ অভিযোগ জ্যেষ্ঠ বিপিএফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ৷ এই অভিযোগ তুলি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বড়োলেণ্ডত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে সাংসদ শৰণীয়াই জগৰীয়া হ'ব বুলি সকীয়াই দিছে৷

”বড়োলেণ্ডত এতিয়া সকলো জাতি–জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি আছে৷ কিন্তু সাংসদ নৱ কুমাৰ শৰণীয়াই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে সংঘাত সৃষ্টি কৰিব বিচাৰিছে৷ ইয়াক আমি হ'বলৈ দিব নোৱাৰো ”- NEWS18ৰ আগত এনেদৰে ক'লে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই৷

সাংসদ শৰণীয়াক সমালোচনা কৰি মন্ত্ৰী প্ৰমীলাই ক'লে, “বিটিএডিত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে পোনপটীয়াকৈ জগৰীয়া হ'ব সাংসদ নৱ কুমাৰ শৰণীয়া৷”

‘BTADত সাংসদ শৰণীয়াই বিভাজনৰ ৰাজনীতি কৰিবলৈ গৈ BTAD সেনা গঠন কৰিবলৈ ওলাইছে ৷ সেনা গঠন কৰি কি আমাক মাৰিবলৈ ওলাইছে নেকি?’ - এয়া সাংসদ শৰণীয়ালৈ পোনপটীয়া প্ৰশ্ন মন্ত্ৰী প্ৰমীলাৰ৷

ইপিনে, আসন্ন BTADৰ পৰিষদীয় নিৰ্বাচনত সকলো বড়ো দল-সংগঠনক একত্ৰিত হ'বলৈ আহ্বান জনালে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই৷ উল্লেখযোগ্য যে ইতিমধ্যে বড়ো বিদ্ৰোহী সংগঠন NDFB প্ৰগতিশীলত বিভাজনৰ সূচনা হৈছে৷ মূল সংগঠনৰ পৰা বহিষ্কৃত হৈ ধীৰেন বড়ো
গোটে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীক সমৰ্থন দিছে৷ ইয়াৰ বিপৰীতে UPPL, এবছু আৰু গোবিন্দ বসুমতাৰী নেতৃত্বাধীন NDFB প্ৰগতিশীলে পৰিষদীয় নিৰ্বাচনৰ বাবে সুকীয়াকৈ ৰচনা কৰিছে ৰণনীতি৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি