কেৱল NDFBয়ে নহয়, ULFA-Iকো আলোচনালৈ আনিবলৈ সাজু হাগ্ৰামা মহিলাৰী : প্ৰমীলাৰাণী

News18 Assam | News18-Assam
Updated:January 13, 2020, 1:44 PM IST
কেৱল NDFBয়ে নহয়, ULFA-Iকো আলোচনালৈ আনিবলৈ সাজু হাগ্ৰামা মহিলাৰী : প্ৰমীলাৰাণী
কেৱল বড়ো অস্ত্ৰধাৰীকেই নহয়, চৰকাৰে অনুমতি দিলে অসমৰ বাকী অস্ত্ৰধাৰী সংগঠনকো আলোচনালৈ আনিবলৈ সাজু হাগ্ৰামা মহিলাৰী’ – News18ক জনালে মন্ত্ৰী ব্ৰহ্মই৷

কেৱল বড়ো অস্ত্ৰধাৰীকেই নহয়, চৰকাৰে অনুমতি দিলে অসমৰ বাকী অস্ত্ৰধাৰী সংগঠনকো আলোচনালৈ আনিবলৈ সাজু হাগ্ৰামা মহিলাৰী’ – News18ক জনালে মন্ত্ৰী ব্ৰহ্মই৷

  • Share this:
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা এসময়ত অস্ত্ৰধাৰী আছিল৷ পিছত ৰাজনীতিলৈ আহি মুখ্যমন্ত্ৰী হ'ল৷ লগতে অন্যান্য অস্ত্ৰধাৰী সংগঠনক মূলসুঁতিলৈ আনিবলৈ জোৰাম থাংগাই বিশেষ উদ্যোগ লৈছিল৷ এতিয়া একেদৰে BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে আৰম্ভ কৰিছে অস্ত্ৰধাৰী সংগঠনক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টা৷ এই দাবী মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ৷

‘হাগ্ৰামা মহিলাৰী নিজেই অস্ত্ৰধাৰী সংগঠনক নেতৃত্ব দিছিল৷ তেওঁ ভালকৈ জানে অস্ত্ৰধাৰী সংগঠনৰ নেতৃত্বৰ মনোভাৱক৷ কেৱল বড়ো অস্ত্ৰধাৰীকেই নহয়, চৰকাৰে অনুমতি দিলে অসমৰ বাকী অস্ত্ৰধাৰী সংগঠনকো আলোচনালৈ আনিবলৈ সাজু হাগ্ৰামা মহিলাৰী’ – News18ক জনালে মন্ত্ৰী ব্ৰহ্মই৷

মন্ত্ৰী ব্ৰহ্মই লগতে আলফা (স্বাধীন)ৰ সেনা প্ৰধানলৈ জনালে বিশেষ আহ্বান৷ ক'লে – ‘পৰেশ বৰুৱালৈও মোৰ অনুৰোধ, তেওঁ আলোচনালৈ আহক৷ জাতিৰ বাবে কিবা কৰিম বুলি তেওঁ হাতত অস্ত্ৰ লৈছে৷ পৰেশ বৰুৱা আলোচনালৈ আহক, আমি একেলগে অসমখনক আগুৱাই নিওঁ৷’

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি