• Home
  • »
  • News
  • »
  • assam
  • »
  • Petrol Diesel Price: 'শেহতীয়া ৭ বছৰত সৰ্বনিম্ন পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ'- ব্যাখ্যাসহ ক'লে পীয়ূষ হাজৰিকাই

Petrol Diesel Price: 'শেহতীয়া ৭ বছৰত সৰ্বনিম্ন পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ'- ব্যাখ্যাসহ ক'লে পীয়ূষ হাজৰিকাই

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে, কংগ্ৰেছে প্ৰথমতে নিজ শাসিত ৰাজ্যৰ পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে, কংগ্ৰেছে প্ৰথমতে নিজ শাসিত ৰাজ্যৰ পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মতে, কংগ্ৰেছে প্ৰথমতে নিজ শাসিত ৰাজ্যৰ পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, তাৰ পাছত বাকী ৰাজ্যক প্ৰশ্ন কৰিব।

  • Share this:

"বিৰোধী দলে প্ৰথমতে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পেট্ৰ'ল ডিজেলৰ মূল্যৰ খবৰ ৰাখক, তাৰ পাছত বিজেপি শাসিত অসমৰ কথা কওক।"–অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা অসম চৰকাৰৰ মুখপাত্ৰ পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমক উদ্দেশ্যি আজি এই ব্যক্তব্য প্ৰকাশ কৰে। বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যক লৈ বিৰোধী দলৰ সদস্যসকল বিধানসভাৰ মজিয়াত সৰৱ হোৱাৰ ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে যে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হোৱাটো আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে।


মন্ত্ৰীগৰাকীয়ে আৰু প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতিখন চৰকাৰে বিগত বছৰত পেট্ৰ'ল ডিজেলৰ ওপৰত ক’ভিড কৰ লগোৱাৰ পাছত অসমেই আছিল প্ৰথমখন ৰাজ্য, যি পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত লগোৱা ক’ভিড কৰ উঠাই লৈছিল। আনহাতে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দল শাসিত ৰাজ্যকেইখনমানৰ আজিৰ তাৰিখত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ তাৰিখত কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দলৰ শাসিত ৰাজ্য মহাৰাষ্ট্ৰৰ মুম্বাইত পেট্ৰ'ল আৰু ডিজেলৰ দাম হৈছে ক্ৰমে ১০৭.২০ টকা আৰু ৯৭.২৯ টকা, অৰবিন্দ কেজৰিৱালৰ আম আদমী দলৰ শাসিত ৰাজ্য দিল্লীত ক্ৰমে ১০১.১৯ আৰু ৮৯.৭২ টকা, কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০৮.০৩ আৰু ৯৮.৮৫ টকা, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্য পশ্চিমবংগৰ কলকাতাত আজিৰ তাৰিখত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০১.৩৫ আৰু ৯২.৮১ টকা।


আনহাতে ইয়াৰ বিপৰীতে আজিৰ তাৰিখত অসমৰ গুৱাহাটী চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ৯৬.৯৮ আৰু ৮৯.০৫ টকা, যি তুলনামূলকভাৱে উল্লিখিত আন ৰাজ্যকেইখনতকৈ কম | এই পৰিসংখ্যা দাঙি ধৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে– "বিৰোধী দলৰ বিধায়কসকলে আমাক প্ৰশ্ন কৰাৰ আগতে তেওঁলোকৰ মিত্ৰদলসমূহৰ দ্বাৰা শাসিত ৰাজ্যকেইখনত পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ কওক।"


মন্ত্ৰী হাজৰিকাই লগতে বিগত দশককেইটাত যি হাৰত পেট্ৰ'ল–ডিজেলৰ মূল্যবৃদ্ধি হৈছে, সেয়াও প্ৰকাশ কৰে | মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ১৯৭৯ ৰপৰা ১৯৮৬ চনলৈ পেট্ৰ'ল ডিজেলৰ মূল্যৰ বৃদ্ধিৰ হাৰ আছিল ১১০ %, ১৯৮৬ ৰপৰা ১৯৯৩ চনলৈ এই হাৰ আছিল ১২০ %, ১৯৯৩ ৰপৰা ২০০০ চনলৈ আছিল ৬০ %, ২০০০ ৰ পৰা ২০০৭ চনলৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ৭০ %, ২০০৭ ৰ পৰা ২০১৪ চনলৈ এই হাৰ আছিল ৬০ %, আনহাতে ২০১৪ চনৰ পৰা ২০২১ চনলৈ পেট্ৰ'ল ডিজেলৰ বৃদ্ধিৰ হাৰ হৈছে মাত্ৰ ৩০ % । এই মূল্যবৃদ্ধিৰ হাৰ ২০১৪ চনৰ পৰা ২০২১ চনলৈ, যিখিনি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত বিজেপি চৰকাৰ চলি আছে, সেই সময়ত আটাইতকৈ কম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এনে ক্ষেত্ৰত শতাংশ হিচাপত বিজেপি চৰকাৰৰ দিনত পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধি আটাইতকৈ কমকৈ হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনায়।


আনহাতে বিধানসভা পৰিচালনাৰ ক্ষেত্ৰত পৰম্পৰা আৰু নীতি কোনটোক অগ্ৰাধিকাৰ দিয়া হ’ব সেই বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজৰিকাই উলেখ কৰে যে বিধানসভাৰ অধ্যক্ষৰ ওপৰত নিৰ্ভৰ কৰি সময়ে সময়ে পৰম্পৰা সলনি হৈ আহিছে | মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বিগত সময়ত চলি থকা পৰম্পৰাৰ সলনি অধ্যক্ষ মহোদয়ে নীতি অনুসৰিও বিধানসভা চলাব পাৰে, এইক্ষেত্ৰত বিধায়কসকলে তেওঁক প্ৰচলিত পৰম্পৰাৰ কথা প্ৰকাশ কৰিব পাৰে, কিন্তু তেওঁ ভুল কৰিছে বুলি কোনেও অভিযোগ কৰিব নোৱাৰে।


আনহাতে চৰকাৰে বিধানসভাৰ কাম–কাজত হস্তক্ষেপ কৰিছে বুলি বিধায়ক অখিল গগৈয়ে কৰা অভিযোগৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে যে বিধায়ক হিচাপে অখিল গগৈ নতুন আৰু তেওঁ বিধানসভাৰ পৰম্পৰা তথা নীতি নিয়মসমূহৰ বিষয়ে ভালদৰে জ্ঞাত নোহোৱাকৈ তেনে অভিযোগ দিয়াটো ভুল কথা। বিধায়ক হিচাপে অখিল গগৈক অন্তত এখন অধিৱেশনত ভাগ লৈ বিধানসভাৰ পৰম্পৰা তথা নীতি–নিয়মসমূহ ভালদৰে জানি ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

Published by:Gautam Barman
First published: