বোকাখাতৰ হাস্পতালত ছাডেন ভিজিট মন্ত্ৰী পীযূষ হাজৰিকাৰ, উপস্থিত নথকা চিকিৎসকক বৰ্খাস্ত

কৰ্তব্যত গাফিলতি কৰা দুগৰাকী চিকিৎসকক শাস্তিমূলক বদলিৰ লগতে এগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে মন্ত্ৰীগৰাকীয়ে।

news18assam
Updated:June 13, 2019, 12:29 PM IST
বোকাখাতৰ হাস্পতালত ছাডেন ভিজিট মন্ত্ৰী পীযূষ হাজৰিকাৰ, উপস্থিত নথকা চিকিৎসকক বৰ্খাস্ত
কৰ্তব্যত গাফিলতি কৰা দুগৰাকী চিকিৎসকক শাস্তিমূলক বদলিৰ লগতে এগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে মন্ত্ৰীগৰাকীয়ে।
news18assam
Updated: June 13, 2019, 12:29 PM IST
বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাৰ ছাডেন ভিজিট। ১১ গৰাকী চিকিৎসক থকা চিকিৎসালয়খনত উপস্থিত আছিল মাত্ৰ তিনিগৰাকী চিকিৎসক। কৰ্তব্যত গাফিলতি কৰা দুগৰাকী চিকিৎসকক শাস্তিমূলক বদলিৰ লগতে এগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে মন্ত্ৰীগৰাকীয়ে। অজিত দলৈ আৰু নীলিমা ফুকনক শাস্তিমূলকভাৱে বদলি কৰাৰ লগতে দন্ত চিকিৎসক উদীপ্ত প্ৰাণ দাসক বৰ্খাস্ত কৰে হাজৰিকাই। চিকিৎসকসকলক ব্ৰেণ্ডেড ঔষধৰ পৰিৱৰ্তে চিকিৎসালয়ত মজুত থকা ঔষধ লিখিবলৈ নিৰ্দেশ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি