உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘চৰকাৰী ভূমি দখল কৰাটো সহ্য কৰা নহ’ব’ – লামডিঙত হুংকাৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ

    ‘চৰকাৰী ভূমি দখল কৰাটো সহ্য কৰা নহ’ব’ – লামডিঙত হুংকাৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ

    আইন সকলোৰে বাবে সমান, গতিকে সকলোকে উচ্ছেদ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

    আইন সকলোৰে বাবে সমান, গতিকে সকলোকে উচ্ছেদ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

    আইন সকলোৰে বাবে সমান, গতিকে সকলোকে উচ্ছেদ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

    • Share this:
    শুকুৰবাৰে দুপৰীয়া লামডিং বনাঞ্চলৰ উচ্ছেদথলী পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডি এফ অ’ক লগত লৈ উচ্ছেদথলী পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। উছেদিত ভূমি পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী হাজৰিকাৰ মন্তব্য, ‘বনাঞ্চলৰ ভূমি বেদখল কৰা ৭৩৬টা ঘৰ উচ্ছেদ কৰা হৈছে। লামডিং বনাঞ্চলৰ পৰা উচ্ছেদ কৰা ৯০ শতাংশৰে আন স্থানত আছে ভূমি।’ গতিকে ভূমি দখল কৰা তেওঁলোকৰ লক্ষ্যক সফল হ’বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান মন্ত্ৰী হাজৰিকাৰ।

    ইপিনে, আইন সকলোৰে বাবে সমান, গতিকে সকলোকে উচ্ছেদ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে ভূমি থকাৰ পিছতো চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি দখল কৰাসকলক নিজেই  উঠি যাবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ। ভূমি থকাসকলক চৰকাৰে মাটি নিদিয়ে বুলি প্ৰকাশ কৰি জধেমধে ভূমি বেদখল সহ‍্য কৰা নহ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। লগতে চৰকাৰী মাটি য’ত থাকিব তাতে উচ্ছেদ হ’ব বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে লামডিং বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান চলিব বুলিও মন্তব্য কৰে।
    Published by:Sanjay Kumar Das
    First published: