অহা ৭ আগষ্টৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰসমূহ (Flood Affected House) মেৰামতিৰ বাবে ইতিমধ্যে ঘোষণা কৰা চৰকাৰী সাহাৰ্য প্ৰদানৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ এইক্ষেত্ৰত জিলা ভিত্তিত একোজন মন্ত্ৰীক দায়িত্ব দি বানত ক্ষতিগ্ৰস্ত ঘৰৰ চৰকাৰী সাহাৰ্য দিবলৈ লগত বিষয়াৰ দল নিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷
ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত কাপোৰ আৰু বাচন-বৰ্তন বিতৰণ কৰা হৈছে ৷ ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ-পত্ৰৰ বাবেও দিয়া হৈছে সাহাৰ্য ৷ মৰিগাঁও জিলাত এই দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকা (Pijush Hazarika)ক ৷ তাৰেই পৰিপ্ৰেক্ষিতত সোমবাৰে জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ অধীনৰ বৰঘাট গাঁৱত আমোলা-বিষয়া সহ উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ বানত ক্ষতিগ্ৰস্ত লোক সকলৰ ঘৰ দুৱাৰ পৰ্যবেক্ষণ কৰাৰ লগতে অতি শীঘ্ৰে এইসকল লোকে চৰকাৰী সাহাৰ্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷
লগতে কোনো যোগ্য ব্যক্তি বঞ্চিত হোৱাৰ বিপৰীতে কোনো অযোগ্য ব্যক্তি যাতে তালিকাত অন্তৰ্ভুক্ত নহয়, তাৰ প্ৰতিও কাঢ়া নজৰ ৰাখিছে সকলো জিলাতে ৷ আনহাতে বানাক্ৰান্ত সকলক সাহাৰ্য প্ৰদানৰ এনেধৰণৰ ক্ষিপ্ৰতা আগতে কোনো এখন চৰকাৰে গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে সমগ্ৰ মৰিগাঁও জিলাত প্ৰায় ৭ হাজাৰ ৩০০ লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে বানত ৷