Medicine Company: জে আৰ এন ফাৰ্মা এণ্ড লেবৰেটৰীজ এল এল পি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
Medicine Company: জে আৰ এন ফাৰ্মা এণ্ড লেবৰেটৰীজ এল এল পি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
জাগীৰোডৰ বৰগাঁৱত নিৰ্মান হৈ আছে উত্তৰ-পূৰ্বাঞ্চল (North East)ৰ প্ৰথম আৰু সৰ্ববৃহৎ ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠান জে আৰ এন ফাৰ্মা এণ্ড লেবৰেটৰীজ এল এল পি ৷ বুধবাৰে এই নিৰ্মীয়মাণ ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠান (Medicine Company)টো পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, লেখন আৰু মুদ্ৰণ বিভাগৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকা (Pijush Hazarika)ই ৷
বিশিষ্ট সমাজসেৱক তথা জে আৰ এন ফাৰ্মা এণ্ড লেবৰেটৰীজ এল এল পিৰ সঞ্চালক জীৎ নাৰায়ণ শ্ৰীবাস্তৱৰ উপস্থিতিত প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷
কোম্পানীটোত কেইবা প্ৰকাৰৰ টেবলেট, কেপচুল, ভেকচিন, চেলাইন, বেজি আদি প্ৰস্তুত কৰাৰ লগতে থাকিব অত্যাধুনিক লেবৰেটৰী ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাকে আদি কৰি কেইবাটাও বিভাগীয় সংস্থাই অনুমোদন জনাইছে জে আৰ এন ফাৰ্মা এণ্ড লেবৰেটৰীজ এল এল পিক ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|