মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য্যবৰ্ধন আৰু গৰাখহনীয়া ৰোধৰ ১৮ কোটিটকীয়া প্ৰকল্প পৰিদৰ্শন।
মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য্যবৰ্ধন আৰু গৰাখহনীয়া ৰোধৰ ১৮ কোটিটকীয়া প্ৰকল্প পৰিদৰ্শন।
বিভাগীয় দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথম বাৰৰ বাবে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ ব্ৰহ্মপুত্ৰ্ৰৰ বুকুত ফেৰীৰে যাত্ৰা কৰা দেখা গ'ল ।
তিনিচুকীয়া গুইজানৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈ ব্ৰহ্মপুত্ৰ্ৰৰ বুকুৱেদি যাত্ৰা কৰি গৰাখহনীয়া অঞ্চল দেওবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ।
তিনিচুকীয়াৰ গুইজানৰ পৰা বিশেষকৈ মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য্যবৰ্ধন আৰু গৰাখহনীয়া ৰোধৰ বাবে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগে আবণ্টন দিয়া ১৮ কোটিটকীয়া প্ৰকল্প পৰিদৰ্শন কৰে। নৌকাযাত্ৰাৰে মন্ত্ৰীগৰাকীয়ে ৰঙাগড়াত ডিব্ৰু নদীৰ খহনীয়া , চাবুৱাৰ বিন্ধাকটাত ব্ৰহ্মপুত্ৰ্ৰৰ খহনীয়া, লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ গৰাখহনীয়াৰ লগতে ডিব্ৰুগড়ৰ আৰু বগীবিলৰ আৰুকেইবাটাও খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।
আনহাতে, ৰহমৰীয়া অঞ্চলৰ স্থানীয়লোকে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ পিছতে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ঘোষণা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । কোনো ঠিকাদাৰে কোনো লোকক ছাৱ-কণ্ট্ৰেক দিব নোৱাৰিব আৰু কামৰ সময়ত উপস্থিত থাকিব লাগিব ঠিকাদাৰসকল । ঠিকাদাৰৰ উপস্থিত থকা ফটো দিলেহে বিল গ্ৰহণ কৰা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে । আনহাতে ৰহমৰীয়াত নিৰ্মাণ হৈ থকা কোটিটকীয়া জিঅ' বেগৰ কামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছিল মন্ত্ৰীগৰাকীৰ সন্মুখত অঞ্চলবাসীয়ে । মন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ উচিত তদন্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰহমৰীয়াবাসীক ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|