Pijusj Hazarika: মন্ত্ৰী পিয়ুষ হাজৰিকাই কাৰ্বি লাংপি প্ৰকল্পক লৈয়ো মন্তব্য কৰে ৷ ৰহা আৰু জাগীৰোডৰ মানুহে যদি কাৰ্বি লাংপি প্ৰকল্পটো বন্ধ কৰিবলৈ কয় তেন্তে বিদ্যুৎ ক'ৰ পৰা দিম বুলি প্ৰশ্ন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
Pijusj Hazarika: মন্ত্ৰী পিয়ুষ হাজৰিকাই কাৰ্বি লাংপি প্ৰকল্পক লৈয়ো মন্তব্য কৰে ৷ ৰহা আৰু জাগীৰোডৰ মানুহে যদি কাৰ্বি লাংপি প্ৰকল্পটো বন্ধ কৰিবলৈ কয় তেন্তে বিদ্যুৎ ক'ৰ পৰা দিম বুলি প্ৰশ্ন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
আজি বৰপেটাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা (Pijusj Hazarika)ই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নিৰ্দেশমৰ্মে আজি মন্ত্ৰী পিয়ুষ হাজৰিকাই বৰপেটা সত্ৰত উপস্থিত হৈ জলমগ্ন হৈ পৰা বৰপেটা সত্ৰৰ পৰিস্থিতিৰো বুজ লয় ৷ বৰপেটাৰ বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰ (Barpeta Satra)ক বানৰ পৰা ৰক্ষাৰ বাবে পৰৱৰ্তী সময়ত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷ অবশ্যে এই পৰিস্থিতিত বানাক্ৰান্তক উদ্ধাৰ, আশ্ৰয় আৰু সাহাৰ্য প্ৰদান কৰাটোহে প্ৰথম কৰ্তব্য বুলি মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে নদীবান্ধ সম্পৰ্কতো মন্তব্য কৰে ৷ বিশেষকৈ কুৰিশ্বু বান্ধ (Kurishu Dam)ৰ পানীয়ে বৰপেটা, বজালী, বঙাইগাঁৱত ভয়াৱহ সমস্যা সৃষ্টি কৰাৰ সম্পৰ্কত মন্ত্ৰীগৰাকীৰ মন্তব্য- "কুৰিশ্বু বান্ধৰ পৰা পানী আহিবই ৷ এয়া আন্তৰাষ্ট্ৰীয় বিষয় ৷ আমি (ভূটানক) পানী এৰি নিদিবলৈ ক'লেই তেওলোকে আন্তৰাষ্ট্ৰীয় আদালতত গোচৰ দি দিব ৷ বাংলাদেশে যদি ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিবলৈ কয় তেন্তে ৰাখিমেই বা কেনেকৈ ?" ভূটানৰ সৈতে ইতিমধ্যে কথা পতা হৈছে আৰু পানী একেলগে এৰি নিদি পৰ্যায়ক্ৰমে এৰি দিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
মন্ত্ৰী পিয়ুষ হাজৰিকাই কাৰ্বি লাংপি প্ৰকল্পক লৈয়ো মন্তব্য কৰে ৷ ৰহা আৰু জাগীৰোডৰ মানুহে যদি কাৰ্বি লাংপি প্ৰকল্পটো বন্ধ কৰিবলৈ কয় তেন্তে বিদ্যুৎ ক'ৰ পৰা দিম বুলি প্ৰশ্ন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
আনহাতে বেকীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এশ পঞ্চাশ কোটি টকাৰ আঁচনিৰ নিবিদা হৈ যোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|