শুকুৰবাৰে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই দৰং জিলাৰ ননৈ নদীৰ দুয়োপাৰৰ মথাউৰিৰ বহুকেইটা অঞ্চল ভ্ৰমণ কৰি বিভাগীয়ভাৱে চলি থকা মথাউৰি মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন বিষয়াসকল আৰু বিভাগীয় ঠিকাদাৰক লগত লৈ মন্ত্ৰী হাজৰিকা (Minister Pijush Hazarika)ই প্ৰথমতে ননৈ নদীৰ সোঁফালে বিগত বাৰিষাত ভাগি যোৱা মথাউৰিটোৰ চাৰিটা স্থানত চলি থকা কামৰ বুজ লয়।
বিগত বাৰিষাত ভাঙি পৰা মথাউৰিটোৰ চাৰিটা স্থানৰ ভিতৰত কছাৰীদ’লত এখন শ্লুইচ গেট নিৰ্মাণৰ কাম চলি আছে। মন্ত্ৰী পীয়ূষে উক্ত স্থান পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয় আৰু যিমানদূৰ সম্ভৱ অহা বাৰিষাৰ আগত শ্লুইচ গেট নিৰ্মাণৰ কাম শেষ কৰিবলৈ বিভাগীয় বিষয়া-ঠিকাদাৰক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰী হাজৰিকাই ননৈৰ বাঁওফালৰ মথাউৰিৰ কাইকিয়াপাৰা অঞ্চলত উপস্থিত হৈ মথাউৰি (Embankment) পুনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয়।
শুকুৰবাৰৰ পৰিদৰ্শন কালত স্থানীয় সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী হাজৰিকাই কয় যে মথাউৰি নিৰ্মাণৰ কাম সমগ্ৰ ৰাজ্যখনতে পূৰ্ণোদ্যমত চলি আছে। মন্ত্ৰী হাজৰিকাই লগতে কয় যে এইবাৰ বানত ক্ষতি হোৱা মথাউৰিৰ অংশ পুনৰ নিৰ্মাণৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) আগ্ৰহত গোটেই মথাউৰিটোৱেই সৱলীকৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে।
মঙলদৈৰ ননৈ নদীৰ দুয়োপাৰৰ প্ৰায় ৩৪ কিলোমিটাৰকৈ মথাউৰি পৰ্যায়ক্ৰমে সবলীকৰণৰ কাম হাতত লোৱা হৈছে বুলিও মন্ত্ৰী পীয়ূষ হাজৰিকাই সদৰী কৰে।
- First Published :