• Home
  • »
  • News
  • »
  • assam
  • »
  • ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগলে কৰা অভিযোগ ভিত্তিহীন আখ্যা পীযূষ হাজৰিকাৰ, অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান

ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগলে কৰা অভিযোগ ভিত্তিহীন আখ্যা পীযূষ হাজৰিকাৰ, অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগল সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰাত্যাহ্বান জনায় পীযূষ হাজৰিকাই।

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগল সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰাত্যাহ্বান জনায় পীযূষ হাজৰিকাই।

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগল সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰাত্যাহ্বান জনায় পীযূষ হাজৰিকাই।

  • Share this:
ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক ৪৭ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱাৰ পিছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে। এই ঘটনাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো সাঙোৰ খাই পৰিছে। ঝাৰখণ্ডৰ কংগ্ৰেছৰ এজন বিধায়ক কুমাৰ জয় মংগলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই ধন সৰবৰাহৰ এই ঘটানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা সজোৰে খণ্ডন কৰিছে। বৰঞ্চ বহু কংগ্ৰেছীৰে তেওঁৰ ভাল সম্পৰ্ক আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কংগ্ৰেছৰ বিধায়কক আমি লগ পাই থাকো, বিধায়কে নহয় কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলেও গুৱাহাটীলৈ আহিলে মোক সাক্ষাৎ কৰে, মই দিল্লীলৈ গ’লে সাক্ষাৎ কৰে। মোৰ পুৰণি দল আছিল, আমি লগ পাই থাকো। যিজন ব্যক্তিয়ে মোৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে, তেওঁক মই ২০ বছৰৰ পৰা জানো। কোনো ৰাজনৈতিক কথা নহয়, কিন্তু এজন ব্যক্তি যেতিয়া এটা দলত ২০–২২ বছৰ থাকে, তেতিয়া সম্পৰ্কতো থাকিবই। ইয়াকে লৈ যদি কোনোৱে এজাহাৰ দাখিল কৰে, নাজানো কংগ্ৰেছৰ কি হৈছে।’

ইপিনে, আজি মন্ত্ৰী পীযূষ হাজৰিকায়ো জয় মংগলৰ অভিযোগ ভিত্তিহীন আখ্যা দি মুখ্যমন্ত্ৰীক কংগ্ৰেছ বিধায়কজনে ২৬ জুলাইত গুৱাহাটীত সাক্ষাৎ কৰাৰ ফটো টুইটাৰত শ্বেয়াৰ কৰে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে ফটোখন শ্বেয়াৰ কৰি পীযুষ হাজৰিকাই কয় যে ট্ৰেড ইউনিয়নৰ কামত সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক জয় মংগলে। আনকি নিজৰ অভিযোগ প্ৰমাণ কৰিবলৈ বিধায়ক বিজয় মংগলক প্ৰত্যাহ্বান জনায় পীযূষ হাজৰিকাই। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা তিনি বিধায়কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ জয় মংগলক প্ৰলোভন দিয়াৰ অভিযোগ কৰিছিল বিধায়কজনে।

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগল সিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰাত্যাহ্বান জনায় পীযূষ হাজৰিকাই। ধৃত তিনি বিধায়কে জয়মংগলক হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ বাবে প্ৰলোভন দিয়াৰো অভিযোগ কৰিছিল। জয় মংগলক ১০ কোটি টকা আৰু মন্ত্ৰিত্বৰ প্ৰলোভন দিছিল বুলি অভিযোগ কৰিছে বিধায়কজনে। ধৃত তিনি বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বুলি যি অভিযোগ আনিছে সেয়া প্ৰমাণ কৰিবলৈ জয়মংগলক প্ৰত্যাহ্বান জনাইছে পীযূষ হাজৰিকাই।

আনহাতে, মন্ত্ৰী পীযূষ হাজৰিকাৰ এই টুইট ৰিটুইট কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এয়া ভুৱা এফআইআৰ বুলি আখ্যা দিয়ে।
Published by:Sanjay Kumar Das
First published: