সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব মৰিয়নীৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে।
সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব মৰিয়নীৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে।
কংগ্ৰেছ এৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। আজি বিধানসভাৰ অধ্যক্ষৰ হাতত কুৰ্মীয়ে দাখিল কৰিলে পদত্যাগ পত্ৰ। ইতিমধ্যে কংগ্ৰেছৰ সাধাৰণ সদস্য পদ ত্যাগ কৰাৰ লগতে কংগ্ৰেছৰ পৰা পদত্যাগ বিচাৰি ছোনিয়া গান্ধীলৈও পত্ৰ প্ৰেৰণ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব মৰিয়নীৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে।
ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগক লৈ সংবাদ মাধ্যমে মন্ত্ৰী পীযূষ হাজৰিকাৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰূপজ্যোতি কুৰ্মীয়ে পদত্যাগ কৰা দেখিলো৷ তেওঁ ক'ত যোগ দিব মই নাজানো ৷ কিন্ত তেওঁ মোৰ পুৰণা বন্ধু ৷ আমি একেলগে কাম কৰিছিলো৷ তেওঁ যুঁজাৰু মানুহ৷ তেওঁ কোন দলত যোগদান কৰিব সেইটো মই নাজানো। যদি BJPত যোগদান কৰে তেন্তে সেই বিষয়টো দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব৷ মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব৷ কিন্তু তেওঁ যি দলতে যোগদান কৰিব সেই দলৰে সম্পদ হ'ব। কুৰ্মীৰ পদত্যাগ কংগ্ৰেছৰ বাবে কিন্তু মোক্ষম আঘাত।
পীযূষ হাজৰিকাই আৰু কয় যে কিছুমান নেতাক কোনো দলেই আশ্ৰয় নিদিয়ে৷ আৰু কোনোবা বিধায়ক আহিব নে নাই সেই কথা মই নাজানো বুলি ক’লে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|