• Home
  • »
  • News
  • »
  • assam
  • »
  • Pijush Hazarika : কংগ্ৰেছৰ পূজা–অৰ্চনাক লৈ প্ৰতিক্ৰিয়া পীযূষ হাজৰিকাৰ, ক’লে – ‘কংগ্ৰেছে হিন্দু সংস্কৃতি পাহৰি গৈছিল, এতিয়া আদৰি লৈছে’

Pijush Hazarika : কংগ্ৰেছৰ পূজা–অৰ্চনাক লৈ প্ৰতিক্ৰিয়া পীযূষ হাজৰিকাৰ, ক’লে – ‘কংগ্ৰেছে হিন্দু সংস্কৃতি পাহৰি গৈছিল, এতিয়া আদৰি লৈছে’

কংগ্ৰেছ দলে হিন্দু সংস্কৃতিক আদৰি লোৱাক লৈ কংগ্ৰেছক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। কিন্তু যজ্ঞৰ নামত অপকৰ্ম নকৰিবলৈ কংগ্ৰেছ দলক সকিয়নী দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই।

  • Share this:
বানপানী নিৰাময়ৰ বাবে কংগ্ৰেছে পাতিছে যজ্ঞ৷ যজ্ঞ অনুষ্ঠিত কৰাক লৈ কংগ্ৰেছ দলক আদৰণি জনায় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই৷ বাক্সা জিলাৰ বৰশিমলুগুৰিত থকা বানপীড়িতৰ খবৰ লবলৈ গৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলক৷ তেওঁ কয়, কংগ্ৰেছে হিন্দু সংস্কৃতি পাহৰি গৈছিল৷ তেওঁলোকে যাগ- যজ্ঞ নামানিছিল৷ এতিয়া হিন্দু সংস্কৃতিক আদৰি লৈছে৷

কংগ্ৰেছ দলে হিন্দু সংস্কৃতিক আদৰি লোৱাক লৈ কংগ্ৰেছক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। কিন্তু যজ্ঞৰ নামত অপকৰ্ম নকৰিবলৈ কংগ্ৰেছ দলক সকিয়নী দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই। তেওঁ কয় যে যজ্ঞৰ নামত যাতে কংগ্ৰেছ উল্টা–পুল্টা নকৰে৷ য’ৰে তৰে পৰা গৈ নবহে বা বহিব নলগীয়া লোক নবহে যাতে৷

ইফালে, শেহতীয়া ভাৱে বিজেপিৰ ওপৰত ভগবান ৰুষ্ট হৈছে বুলি কংগ্ৰেছে সমালোচনা কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ ক’লে, বিজেপিৰ ওপৰত নহয়, কংগ্ৰেছৰ ওপৰতহে ভগৱান ৰুষ্ট হৈছে। সেইবাবে ৮টাকৈ নিৰ্বাচনত ডাঙৰ ডাঙৰ আলুগুটি পাইছে কংগ্ৰেছে। গুৱাহাটীৰ পিছত কাৰ্বি আংলঙতো বিগ জিৰো হৈছে কংগ্ৰেছ৷ বিজেপি দলৰ প্ৰতি ভগবান সদয় হৈ আছে বাবে ২৬খন আসনৰ ২৬খন আসনে লাভ কৰিবলৈ সক্ষম হৈছে৷ গতিকে ভগৱান কাৰ প্ৰতি ৰুষ্ট সেয়া ৰাইজে দেখি আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি